ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : এটা বা দুটা নহয় প্ৰায় ১৯০ টা শিশুক হত্যা কৰিছিল এজন লোকে ! আৰক্ষীৰ সন্মুখত এই ভয়ংকৰ কথা স্বীকাৰোক্তিও দিছিল হত্যাকাৰীজনে । ১৯৯০ৰ দশকত এই শিশুবোৰক হত্যা কৰিছিল কলম্বিয়াৰ চিৰিয়েল কিলাৰ লুইছ আলফ্ৰেডো গাৰাভিটোৱে । বৃহস্পতিবাৰে ৬৬ বছৰ বয়সত এখন হাস্পতালত মৃত্যু হয় হত্যাকাৰী গাৰাভিটোৰ । গাৰাভিটোৱে স্বীকাৰ কৰিছিল যে তেওঁ ৮ ৰ পৰা ১৬ বছৰ বয়সৰ সাধাৰণ আৰু দৰিদ্ৰ পৰিয়ালৰ শিশুসকলক সন্ন্যাসী, অঘৰী বা পথৰ বিক্ৰেতাৰ বেশত গৈ অপহৰণ কৰিছিল আৰু পাছত বিভিন্ন ধৰণে উৎপীড়ন চলাই হত্যা কৰিছিল ।
নেচনেল পেনিটেণ্টিয়াৰী এণ্ড প্ৰিজন ইনষ্টিটিউটে কোৱা মতে কাৰাবন্দী গাৰাভিটোৰ উত্তৰ কলম্বিয়াৰ ভালেডুপাৰৰ এখন চিকিৎসালয়ত মৃত্যু হয় । মৃত্যুৰ কাৰণ তাৎক্ষণিকভাৱে প্ৰকাশ কৰা হোৱা নাই । গাৰাভিটোৰ জন্ম ১৯৫৭ চনত কলম্বিয়াৰ কুইণ্ডোত হৈছিল আৰু প্ৰাপ্তবয়স্ক হোৱাৰ পাছত তেওঁ দেশৰ ১১ টা স্থানলৈ ভ্ৰমণ কৰিছিল য'ত তেওঁ নাবালক শিশুসকলক হত্যা কৰিছিল । পেৰেৰা, আৰ্মেনিয়া আৰু টুঞ্জাত নাবালকসকলৰ নিৰুদ্দেশৰ খবৰ পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে গাৰাভিটোৰ সন্ধানত অভিযান চলাইছিল ।