ইন্টাৰনেশ্যনেল ডেস্ক, ৫ অক্টোবৰ : ইয়েল’ সাগৰত দুৰ্ঘটনাত পতিত হ’ল চীনৰ এখন চাবমেৰিন । ব্ৰিটেইনৰ প্ৰতিৰক্ষা প্ৰতিবেদনত প্ৰকাশ কৰা মতে, এই দুৰ্ঘটনাত নিহত হৈছে ৫৫ জন সেনা বিষয়া ৷ অৱশ্যে এই দুৰ্ঘটনা সন্দৰ্ভত চীনে বৰ্তমান পৰ্যন্ত কোনো চৰকাৰী প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।
ব্ৰিটেইনৰ এই প্ৰতিবেদন অনুসৰি, ২১ আগষ্টত এই চাবমেৰিনখন দুৰ্ঘটনাত পতিত হয় । সেই সময়ত জাহাজত ২২ জন বিষয়া, ৯ জন ক্ষুদ্ৰ বিষয়া, ৭ জন বিষয়া কেডেট আৰু ১৫ জন নাৱিক আছিল । ইয়াৰ নেতৃত্ব দিছিল কৰ্ণেল জু ইয়ংপেঙে ।
বিশ্বৰ ভিন্ন প্ৰান্তত পূৰ্বতে হোৱা নাও দুৰ্ঘটনাৰ কিছু আভাষ -
১৯৬৩ চনৰ ১০ এপ্ৰিল : ইউ এছ এছ থ্ৰেছাৰে কেপ কডৰ পৰা ২২০ মাইল পূবে গভীৰ পানীৰ এখন চাবমেৰিন পৰীক্ষামূলক ডাইভ(dive) ৰ প্ৰশিক্ষণ চলাই থকা হৈছিল । তেনে সময়তে বিদ্যুতৰ কিছু বিজুতি ঘটি পানীৰ ৮৪০০ ফুট তলত এক বিস্ফোৰণ ঘটে । সেই সময়ত তাত আছিল ১২৯ জন লোক ৷ এই দুৰ্ঘটনাটোত সকলোৰে মৃত্যু হয় । চাবমেৰিনৰ ইতিহাসত ইয়াতকৈ ডাঙৰ দুৰ্ঘটনা কেতিয়াও হোৱা নাই ।
১৯৬৮ চনৰ মে’ :জুন মাহত ভাৰ্জিনিয়াত আমেৰিকাৰ নৌসেনাৰ চাবমেৰিন স্কৰ্পিয়ন দুৰ্ঘটনাগ্ৰস্ত হয় । জাহাজখনত আছিল ৯৯ জন লোক ।
১৯৭০ চনৰ ৪ মাৰ্চ : ভূমধ্য সাগৰৰ ছেইণ্ট ট্ৰপেজত ফ্ৰান্সৰ এখন চাবমেৰিন ডুব যায় । এই চাবমেৰিনৰ নাম আছিল ইউৰিডাইচ । চাবমেৰিনখনত আছিল ৫৭ জন লোক ।
১৯৭০ চনৰ ১২ এপ্ৰিল : স্পেইনৰ সমীপৰ আটলাণ্টিক মহাসাগৰত ৰাছিয়াৰ এখন চাবমেৰিন দুৰ্ঘটনাগ্ৰস্ত হয় । জাহাজখনত আছিল ৮৮ জন লোক । এই দুৰ্ঘটনাগ্ৰস্ত জাহাজখন আছিল পাৰমাণৱিক চালিত চাবমেৰিন ।
১৯৮৫ চনৰ ১০ আগষ্ট :ভ্লাডিভষ্টকৰ ওচৰৰ প্ৰশান্ত মহাসাগৰৰ চাজমা উপসাগৰত ৰাছিয়াৰ এখন চাবমেৰিন বিস্ফোৰিত হয় । ফলত এই চাবমেৰিনখনৰ এখন ঢাকনি ১০০ মিটাৰ দূৰত পৰি যায় । জাহাজখনত থকা ১০ জন লোকৰ বিষয়ে বৰ্তমান পৰ্যন্ত কোনো তথ্যই পোৱা নগ’ল ।
১৯৮৯ চনৰ ৭ এপ্ৰিল :উত্তৰ নৰৱেৰ সমীপত মাইক নামৰ এখন ছোভিয়েট চাবমেৰিন অগ্নিকাণ্ডৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় । জাহাজখনত আছিল ৪২ জন লোক ।
১২ আগষ্ট ২০০০ :ৰাছিয়াৰ এখন চাবমেৰিন অস্কাৰ-১১ বেৰেণ্টছ সাগৰত ডুব যায় । চাবমেৰিনখনত আছিল ১১৮ জন লোক । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বিস্ফোৰণৰ ফলতে চাবমেৰিনখন ডুব যায় ।
২০০১ চনৰ ৯ ফেব্ৰুৱাৰী :জাপানীজ ট্ৰলাৰৰ সৈতে সংঘৰ্ষৰ ফলত আমেৰিকাৰ পাৰ্ল হাৰ্বাৰত ৩৬০ ফুট দীঘল গ্ৰীণভিল চাবমেৰিনখন ডুব যায় । ফলত ৯ জন লোকৰ মৃত্যু হয় ।