ইণ্টাৰনেচনেল ডেস্ক, ২৫ জুলাই :চীনৰ ৰাজনৈতিক ক্ষেত্ৰত ঘটিছে এক আশ্চৰ্যকৰ ঘটনা । মঙলবাৰে দেশখনে ৱাং য়িক দেশৰ বৈদেশিক মন্ত্ৰী হিচাপে পুনৰ নিযুক্তি দিয়ে । উল্লেখ্য যে চীনৰ বৈদেশিক মন্ত্ৰী কিন গেং প্ৰায় এমাহ ধৰি সন্ধানহীন হৈ আছে ।
চীনা মুখপত্ৰ গ্লবেল টাইম অনুসৰি, চীনৰ শীৰ্ষ সদনে মঙলবাৰে এক অধিবেশন আহ্বান কৰি এখন খচৰা ফৌজদাৰী আইন সংশোধনী আৰু চৰকাৰী নিযুক্তি আৰু অপসাৰণৰ সিদ্ধান্ত পুনৰীক্ষণ কৰে । কিন গেঙক বৈদেশিক মন্ত্ৰীৰ পদৰ পৰা আঁতৰাই ৱাং য়িক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।
উল্লেখ্য যে কিন গেঙক ৰাষ্ট্ৰপতি চি জিনপিঙৰ অতি বিশ্বাসী হিচাপে গণ্য কৰা হয় । ২০২২ চনৰ ডিচেম্বৰত বৈদেশিক মন্ত্ৰী হিচাপে তেওঁক নিযুক্ত কৰা হৈছিল । আনহাতে, তেওঁৰ নিৰুদ্দেশ হোৱাটোৱে আন্তৰ্জাতিক সম্প্ৰদায়তো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ২৫ জুনৰ পৰা কিনক ৰাজহুৱাভাৱে দেখা যোৱা নাই । তেওঁ বেইজিঙত ৰাছিয়াৰ উপ-বৈদেশিক মন্ত্ৰী আন্দ্ৰে ৰুডেঙ্কোৰ সৈতে সাক্ষাৎ কৰাৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছে ।
ইফালে চীনৰ বৈদেশিক মন্ত্ৰালয়ে কিনৰ অনুপস্থিতি সন্দৰ্ভত স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰিছে । লগতে প্ৰকাশ কৰিছে যে তেওঁৰ অনুপস্থিতি সত্ত্বেও চীনৰ কূটনীতি স্বাভাৱিক হিচাপে কাম কৰি আছে । অৱশ্যে কিনৰ আকস্মিক নিৰুদ্দেশ সন্দৰ্ভত দেশৰ বৈদেশিক মন্ত্ৰালয়ে এতিয়ালৈকে কোনো সুনিশ্চিত উত্তৰ প্ৰদান কৰা নাই । ইফালে কিনৰ অনুপস্থিতিত চীনৰ শীৰ্ষ কূটনীতিবিদ ৱাং য়িয়ে তেওঁৰ কিছু দায়িত্ব গ্ৰহণ কৰিছে । ৱাং বৰ্তমান জোহান্সবাৰ্গত নিৰাপত্তা বিষয়ক ব্ৰিকছ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আফ্ৰিকাত আছে । সোমবাৰে ৱাঙে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে আৰু সীমান্ত সমস্যা সন্দৰ্ভত দীঘলীয়া আলোচনা কৰে ।
উক্ত বৈঠকত চীনৰ কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ বৈদেশিক পৰিক্ৰমা আয়োগৰ কাৰ্যালয়ৰ সঞ্চালক ৱাং য়িয়ে চীন-ভাৰত সম্পৰ্ক সুস্থিৰ কৰাৰ ক্ষেত্ৰত সহমত তৈয়াৰ কৰাৰ বাবে দৃঢ় নীতি ৰূপায়ণৰ আহ্বান জনায় । ৱাঙে উল্লেখ কৰে যে দুয়োপক্ষই দুয়োখন ৰাষ্ট্ৰপ্ৰধানে দিয়া কৌশলগত ৰায় মানি চলিব লাগে । লগতে কয়, "চীন আৰু ভাৰতে কোনো ভাবুকি সৃষ্টি নকৰে, কিন্তু ইজনে সিজনৰ বাবে উন্নয়নৰ সুযোগ আগবঢ়ায় ।" উল্লেখ্য, ৱাং য়িক ২০১৩ চনৰ মাৰ্চত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০১৮ চনৰ মাৰ্চত ৰাজ্যিক পাৰিষদ হিচাপে নিযুক্ত কৰা হৈছিল । ৱাংক ২০১২ চনৰ নৱেম্বৰত ১৮ সংখ্যক চীনা কমিউনিষ্ট পাৰ্টীৰ পলিটব্যুৰোৰ সদস্য হিচাপে নিযুক্ত কৰা হৈছিল আৰু ২০০৭-২০১২ চনলৈ ১৭ সংখ্যক চিচিপি কেন্দ্ৰীয় সমিতিৰ সদস্যও আছিল ।
লগতে পঢ়ক :Israeli Palestinian clash : ইজৰাইলী সামৰিক বাহিনীৰ হাতত নিহত ৩ পেলেষ্টাইন উগ্ৰপন্থী