অসম

assam

By

Published : Nov 28, 2022, 7:36 PM IST

ETV Bharat / international

BBC Journalist Arrested : চীনত বিবিচিৰ সাংবাদিকক প্ৰহাৰ কৰি গ্ৰেপ্তাৰৰ অভিযোগ

বিবিচিয়ে কয় যে এইটো অতি উদ্বেগজনক যে তেওঁলোকৰ এজন স্বীকৃত সাংবাদিকক তেওঁৰ চৰকাৰী দায়িত্ব পালন কৰোঁতে এনেদৰে আক্ৰমণ কৰা হয় (BBC journalists was attacked in China) ।

China
China

ইণ্টাৰনেচনেল ডেস্ক, ২৮ নৱেম্বৰ : সমগ্ৰ চীন উত্তাল হৈ আছে গণ কোভিড-বিৰোধী প্ৰতিবন্ধকতাৰ প্ৰতিবাদত (anti Covid restrictions protests across China) । এই অতি উদ্বেগজনক বাতৰি প্ৰকাশ কৰি চীনা কৰ্তৃপক্ষৰ ৰোষত পৰিছে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প'ৰেচন চমুকৈ বিবিচিৰ সাংবাদিক (British Broadcasting Corporation, BBC) । কেৱল সিমানেই নহয়, বিবিচিৰ এগৰাকী সাংবাদিকক ছাংহাইত চলি থকা প্ৰতিবাদৰ বাতৰি পৰিবেশন কৰি থকা অৱস্থাত চীনা কৰ্তৃপক্ষই তেওঁক গ্ৰেপ্তাৰ কৰি হাত কেৰেয়া লগায় ।

সাংবাদিকক কৰা এনে আচৰণৰ ফলত বিবিচিয়ে উদ্বেগ প্ৰকাশ কৰিছে । এক বিবৃতিত বিবিচিয়ে চীনত তেওঁলোকৰ সাংবাদিক এড লৰেন্সক গ্ৰেপ্তাৰ কৰাৰ সময়ত আৰক্ষীয়ে প্ৰহাৰ কৰা আৰু লথিওৱা বুলিও অভিযোগ কৰি উক্ত ঘটনাত উদ্বেগ প্ৰকাশ কৰে (BBC concern over journalist attacked in China) ।

"ছাংহাইত হোৱা প্ৰতিবাদৰ বাতৰি পৰিবেশনৰ সময়ত গ্ৰেপ্তাৰ কৰা আৰু হাতকেৰেয়া পিন্ধোৱা আমাৰ সাংবাদিক এড লৰেন্সৰ সৈতে কৰা আচৰণক লৈ বিবিচি অত্যন্ত চিন্তিত (BBC Journalist Ed Lawrence beaten in China) । তেওঁক কেইবা ঘণ্টাধৰি আটক কৰি ৰখা হৈছিল । গ্ৰেপ্তাৰ হোৱাৰ সময়ত আৰক্ষীয়ে তেওঁক প্ৰহাৰ কৰিছিল আৰু লথিয়াইছিল । তেওঁ এগৰাকী স্বীকৃত সাংবাদিক হিচাপে কাম কৰি থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হয় (China arrested BBC Journalist Ed Lawrence)" বিবিচিয়ে কয় । লগতে বিবিচিয়ে প্ৰকাশ কৰে যে এইটো অতি উদ্বেগজনক যে তেওঁলোকৰ এজন স্বীকৃত সাংবাদিকক তেওঁৰ চৰকাৰী দায়িত্ব পালন কৰোঁতে এনেদৰে আক্ৰমণ কৰা হয় ।

"চীনা কৰ্তৃপক্ষই আমাৰ ওচৰত কোনো আনুষ্ঠানিক ব্যাখ্যা বা ক্ষমা প্ৰাৰ্থনা কৰা নাই । বিষয়াসকলে তেওঁক মুকলি কৰি দিয়াৰ পিছত দাবী কৰে যে তেওঁক কোভিড আক্ৰান্তৰ ভিৰৰ পৰা ৰক্ষা কৰা আৰু তেওঁৰ নিজৰ ভালৰ বাবে গ্ৰেপ্তাৰ কৰিছিল । আমি ইয়াক এক বিশ্বাসযোগ্য ব্যাখ্যা বুলি বিবেচনা নকৰোঁ ।" বিবৃতিটোত এইকথাও কোৱা হৈছে । উল্লেখ্য, চীনৰ বহুতো চহৰত ব্যাপক প্ৰতিবাদ অব্যাহত আছে । শূন্য-কোভিড নীতিৰ বিৰুদ্ধে এক অভূতপূৰ্ব প্ৰতিবাদ প্ৰদৰ্শন কৰি প্ৰতিবাদকাৰীসকলে আনকি "পদ ত্যাগ কৰক, ছি জিনপিং (Xi Jinping) ! কমিউনিষ্ট পাৰ্টি, পদত্যাগ কৰক" আদি শ্লোগানে দিয়ে । চিএনএনৰ (CNN) এক প্ৰতিবেদনত এই কথা প্ৰকাশ ।

এই বৃহৎ প্ৰতিবাদটো কাৰ্যত জিনজিয়াং প্ৰদেশৰ ৰাজধানী উৰুমকীত এটা এপাৰ্টমেণ্ট ব্লকত লগা জুইৰ ফলত উদ্ভৱ হয় । বৃহস্পতিবাৰে সংঘটিত এই ঘটনাত কমেও ১০ জন লোকৰ মৃত্যু হয় । আৰু সেয়াই জনসাধাৰণৰ ক্ষোভৰ বাবে এক অনুঘটক হিচাপে কাম কৰে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, বেছিভাগ বিক্ষোভ প্ৰদৰ্শন আৰম্ভ হয় এটা ভিডিঅ' প্ৰকাশৰ পিছত । উক্ত ভিডিঅ'টোত প্ৰকাশ পাইছিল যে অগ্নিনিৰ্বাপক বাহিনীয়ে ভুক্তভোগীসকলৰ ওচৰলৈ যোৱাত পলম কৰিছিল ।

ৰাজধানী বেইজিংৰ পৰা ছাংহাইৰ বিত্তীয় কেন্দ্ৰলৈকে, জিনজিয়াঙৰ অগ্নিকাণ্ডৰ ফলত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিবলৈ ৰাইজ সমবেত হৈছিল । আনহাতে, শূন্য-কোভিড নীতিৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে । দেওবাৰে সন্ধিয়ালৈকে বাৰখনতকৈও অধিক বিশ্ববিদ্যালয় চৌহদত শিক্ষাৰ্থীসকলে প্ৰতিবাদী পোষ্টাৰ প্ৰদৰ্শন কৰে বা লগায় । প্ৰতিবাদ চেংডু, গুয়াংঝৌ আৰু উহানলৈও বিয়পি পৰে । য'ত আৱাসীসকলে কেৱল কোভিডৰ নিষেধাজ্ঞা বন্ধ কৰাৰ বাবেই প্ৰতিবাদ কৰা নাছিল । ৰাজধানী চহৰ বেইজিঙৰ চিংঘুয়া বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলে শূন্য-কোভিডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এটা স্কোৱেৰত একত্ৰিত হৈছিল ।

ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ' আৰু ছবিবোৰত শিক্ষাৰ্থীসকলে ফেষ্টুন লৈ চিঞৰি থকা দেখা গৈছে : "গণতন্ত্ৰ আৰু আইনৰ শাসন ! মত প্ৰকাশৰ স্বাধীনতা !" চিএনএনৰ মতে, শুকুৰবাৰে উৰুমকীত ব্যাপক লকডাউন-বিৰোধী প্ৰতিবাদৰ পিছত লকডাউন প্ৰভাৱিত চুবুৰীয়া অঞ্চলৰ বাসিন্দাসকলেও বাধা অতিক্ৰমি ৰাজপথলৈ ওলাই আহে । চীনত ক্ৰোধ আৰু অবাধ্য হোৱাৰ এনে ব্যাপক দৃশ্য বিৰল । কিয়নো শাসকীয় কমিউনিষ্ট পাৰ্টীয়ে সকলো ধৰণৰ ভিন্নমতক কঠোৰ হাতেৰে আক্ৰমণ কৰে । অৱশ্যে সমগ্ৰ দেশতে দীৰ্ঘদিন ধৰি চলি থকা কোভিড প্ৰতিবন্ধকতা বৃদ্ধিয়ে ইয়াত ইন্ধন যোগায় ।

লগতে পঢ়ক :Passenger ferry stuck in Brahmaputra: ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী

ABOUT THE AUTHOR

...view details