ইণ্টাৰনেচনেল ডেস্ক, ৩ আগষ্ট : কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু তেওঁৰ পত্নী ছফি গ্ৰেগোইৰ ট্ৰুডোৱে বুধবাৰে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে । তেওঁলোকৰ বিবাহৰ ১৮ বছৰৰ পিছত পৃথক হ'বলৈ গৈ আছে । তেওঁলোক দুয়োৱে ইনষ্টাগ্ৰামত পোষ্ট কৰা বিবৃতিত কৈছে যে তেওঁলোকে বহু আলোচনা আৰু অৰ্থপূৰ্ণ বুজাবুজিৰ মাজেৰে এই সিদ্ধান্ত লৈছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে দুয়োৱে এখন আইনী চুক্তিত স্বাক্ষৰ কৰিছে । তেওঁলোকে কয়, "আমি ইজনে সিজনৰ প্ৰতি গভীৰ মৰম আৰু সন্মানেৰে ইমান দিনে যি নিৰ্মাণ গঢ়িছোঁ তাৰ বাবে এক ঘনিষ্ঠ পৰিয়াল হৈ আছোঁ ।"
উল্লেখ্য যে, কানাডাৰ অন্যতম বিখ্যাত ৰাজনীতিবিদসকলৰ ভিতৰত এগৰাকী ৫১ বছৰীয়া জাষ্টিন ট্ৰুডোৱে ২০১৫ চনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । তেওঁৰ পত্নী ছফি ট্ৰুডো এগৰাকী প্ৰাক্তন মডেল আৰু টিভিৰ অনুষ্ঠান আঁত ধৰোতা (এংকৰ) । তেওঁলোক ২০০৫ চনত বিবাহপাশত আবদ্ধ হৈছিল । জাষ্টিন ট্ৰুডোৰ তিনিটা সন্তান আছে । তেওঁলোক হৈছে ১৫ বছৰীয়া জেভিয়াৰ, ১৪ বছৰীয়া এলা-গ্ৰেছ আৰু ৯ বছৰীয়া হেড্ৰিয়ান । বিষয়টোৰ সৈতে পৰিচিত এজন বিষয়াই কয় যে, দুয়োৱে সন্তানকেইটাৰ লালন-পালনৰ বাবে যুটীয়াভাৱে জিম্মা লাভ কৰিব বুলি আশা কৰা হৈছে । তেওঁ অটাৱাৰ ৰিডাউ কটেজত থাকিব, য'ত তেওঁ ২০১৫ চনৰ পৰা বাস কৰি আছে । নাম প্ৰকাশ নকৰাৰ চৰ্তত বিষয়াজনে এই তথ্য প্ৰদান কৰিছে ।
তেওঁৰ পত্নী শেহতীয়া বছৰবোৰত অতি কমেহে ৰাজহুৱাভাৱে দৃষ্টিগোচৰ হৈছে । কেতিয়াবাহে চৰকাৰী ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ গৈছে । যোৱা মাহত অটাৱাত কানাডা দিৱসৰ অনুষ্ঠানত দুয়োকে একেলগে ৰাজহুৱাভাৱে দেখা গৈছিল । ট্ৰুডোৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, তেওঁলোক এক ঘনিষ্ঠ পৰিয়াল হৈ আছে আৰু ছফি আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সন্তানক এক সুৰক্ষিত, মৰমীয়াল আৰু সহায়ক পৰিবেশত ডাঙৰ-দীঘল কৰাৰ ওপৰত গুৰুত্ব দিছে । অহা সপ্তাহৰ পৰা পৰিয়ালটোৱে বন্ধৰ দিনবোৰত একেলগে থাকিব ।