অসম

assam

ETV Bharat / international

Nijjar murder case : নিজ্জাৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত অব্যাহত আছে; কানাডিয়ান আৰক্ষী - India Canada standoff

নিজ্জাৰ হত্যাকাণ্ডৰ তদন্ত কৰি থকা কানাডা আৰক্ষীৰ মতে বিষয়টো অতি স্পৰ্শকাতৰ । আৰক্ষীয়ে নিৰ্দিষ্ট তথ্য প্ৰমাণ সংগ্ৰহ কৰি আছে । অৱশ্যে সংবাদ মাধ্যমত সেই সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ আৰক্ষীৰ ।

Nijjar murder case
নিজ্জাৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত অব্যাহত আছে

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 1:50 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ : কানাডাত খলিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া অব্যাহত আছে । ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সম্পৰ্কৰো স্খলন হোৱা দেখা গৈছে । ইয়াৰ মাজতে ৰয়েল কানাডিয়ান মাউণ্টেড আৰক্ষীয়ে জনাইছে যে নিজ্জাৰৰ হত্যা এক স্পৰ্শকাতৰ বিষয় যিটোৰ তদন্ত চলি আছে । নিষিদ্ধ খালিস্তান টাইগাৰ ফ'ৰ্চৰ (কেটিএফ) মুৰব্বী নিজ্জাৰক ১৮ জুনত ব্ৰিটিছ কলম্বিয়াৰ চাৰেত হত্যা কৰা হৈছিল । পূৰ্বে ভাৰতে ২০২০ চনত নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল ।

উল্লেখ্য যে ৪৫ বছৰীয়া নিজ্জাৰ হত্যাৰ তদন্ত আৰচিএমপিৰ ইণ্টিগ্ৰেটেড হোমিচাইড ইনভেষ্টিগেচন টিম (আইএইচআইটি)ৰ দ্বাৰা কৰা হৈছে । আইএইচআইটিৰ মুখপাত্ৰ চাৰ্জেন্ট টিমোথি পিয়েৰোট্টিয়ে জনোৱা মতে হৰদীপ সিং নিজ্জাৰৰ হত্যা সন্দৰ্ভত কৰা প্ৰতিবেদনৰ বিষয়ে তেওঁলোক অৱগত । যিহেতু এইটো এটা স্পৰ্শকাতৰ বিষয় আৰু তদন্ত চলি আছে সেয়ে তেওঁ আইএইচআইটিৰ দ্বাৰা সংগ্ৰহ কৰা নিৰ্দিষ্ট প্ৰমাণৰ ওপৰত মন্তব্য দিবলৈ অস্বীকাৰ কৰে ।

ইফালে, নিজ্জাৰৰ হত্যাকাণ্ডৰ স্থান অৰ্থাৎ ব্ৰিটিছ কলম্বিয়াৰ চাৰেৰ গুৰু নানক শিখ গুৰুদ্বাৰা চাহিবৰ নিৰাপত্তা কেমেৰাৰ ফুটেজ সংগ্ৰহৰো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । গুৰুদ্বাৰা কৰ্তৃপক্ষই জনোৱা মতে চিচিটিভিৰ ফুটেজ সংবাদ মাধ্যম বা ৰাইজক দিয়া নহ'ব । গুৰুদ্বাৰাৰ মুখপাত্ৰ গুৰকীৰত সিঙে কানাডাৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা দ্য কানাডিয়ান প্ৰেছক কয় যে এই বিষয়টো আইনী প্ৰক্ৰিয়াৰ মাজত আছে । যাৰ বাবে ফুটেজ দিয়া সম্ভৱ নহয় । অৱশ্যে সিঙে কৈছে যে তেওঁ ভিডিঅ'টো বহুবাৰ দেখিছে ।

আইএইচআইটিৰ মুখপাত্ৰ চাৰ্জেন্ট টিমোথি পিয়েৰোট্টিয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহৰ বাবে উক্ত স্থান পৰিদৰ্শন কৰিছে আৰু প্ৰাসংগিক ভিডিঅ' ফুটেজো সংগ্ৰহ কৰি আছে ।

নিজ্জাৰৰ পুত্ৰ বলৰাজ নিজ্জাৰে স্থানীয় সংবাদ মাধ্যমক অৱগত কৰা মতে তেওঁৰ পিতৃয়ে সপ্তাহত এবাৰ বা দুবাৰ কানাডিয়ান নিৰাপত্তা চোৰাংচোৱা সেৱাৰ বিষয়াসকলৰ সৈতে নিয়মীয়া বৈঠকত মিলিত হৈছিল । তেওঁৰ হত্যাৰ দুই এদিন পূৰ্বেও বৈঠকত মিলিত হৈছিল আৰু হত্যাৰ দুদিন পাছত আন এখন বৈঠক হোৱাৰ কথা আছিল ।

লগতে পঢ়ক :US on Nijjar murder case: ভাৰতৰ বিৰুদ্ধে কানাডাই অনা অভিযোগ সন্দৰ্ভত চিন্তিত আমেৰিকা

ABOUT THE AUTHOR

...view details