ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ ছেপ্টেম্বৰ:শিখ নেতাৰ হত্যাক লৈ কানাডা আৰু ভাৰতৰ মাজত কূটনৈতিক অস্থিৰতা অব্যাহত আছে । ইয়াৰ মাজতে কানাডাৰ প্ৰতিৰক্ষা মন্ত্ৰী বিল ব্লেয়াৰে দুয়োখন দেশৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ দেশে ভাৰত-প্ৰশান্ত মহাসাগৰীয় ৰণনীতিৰ দৰে অংশীদাৰিত্ব অব্যাহত ৰাখিব আনহাতে শিখ বিচ্ছিন্নতাবাদী নেতাৰ হত্যাৰো তদন্ত অব্যাহত ৰাখিছে ।
উল্লেখ্য যে ১৮ জুনত ব্ৰিটিছ কলম্বিয়াত খলিস্তানী নেতা ৪৫ বছৰীয়া হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰতীয় এজেণ্টৰ সম্ভাৱ্য জড়িত থকাৰ বিস্ফোৰক অভিযোগৰ পাছত ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বাঢ়িছে । ইফালে ভাৰতে ২০২০ চনত নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপেও ঘোষণা কৰিছিল । লক্ষণীয়ভাৱে ভাৰতে কানাডাৰ অভিযোগবোৰ অযৌক্তিক বুলি অভিহিত কৰিছে । লগতে এজন জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰো কৰে । ইয়াৰ পূৰ্বেও কানাডাইও এগৰাকী ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছিল । এক প্ৰকাৰে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছে ।
দ্য ৱেষ্ট ব্লকত দেওবাৰে সম্প্ৰচাৰিত এক সাক্ষাৎকাৰত ব্লেয়াৰে কয় যে, কানাডাই ভাৰতৰ সৈতে অংশীদাৰিত্ব অব্যাহত ৰাখিব আৰু অভিযোগৰ ওপৰত তদন্তও অব্যাহত ৰাখিব । তেওঁ লগতে উদ্বেগ প্ৰকাশ কৰি কয় যে ভাৰতৰ সৈতে কানাডাৰ সম্পৰ্কৰ বাবে ই প্ৰত্যাহ্বানমূলক বিষয় হ'ব পাৰে ।