ইণ্টাৰনেশ্যনেল ডেস্ক,২২ ছেপ্টেম্বৰ :কানাডিয়ান শিখ নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কত বিভেদ আহিছে । ইয়াৰ মাজতে কানাডাত আন এজন শিখ নেতাৰ মৃত্যু । কানাডাৰ আৰক্ষীয়ে উইনিপেগত গেংষ্টাৰ সুখদুল সিং গিল ওৰফে সুখ ডুনেকেৰ মৃত্যু নিশ্চিত কৰিছে । আৰক্ষীয়ে উল্লেখ কৰা মতে ইতিমধ্যে তেওঁৰ পৰিয়ালৰ সদস্যসকলক তেওঁৰ হত্যাৰ বিষয়ে অৱগত কৰা হৈছে । আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ।
এক বিবৃতিত উইনিপেগ আৰক্ষী কয় যে নিহত শিখ নেতাজনক ৩৯ বছৰীয়া সুখদুল সিং গিল বুলি চিনাক্ত কৰা হৈছে । বিবৃতি অনুসৰি ২০ ছেপ্টেম্বৰত উত্তৰ ইংকষ্টাৰ ঔদ্যোগিক এলেকাত ঘটনাটো সংঘটিত হৈছিল ।
উইনিপেগ আৰক্ষীয়ে বিবৃতিত কয় যে টেক্টিকেল চাপোৰ্ট দলৰ সদস্যসকলৰ সহায়ত নৰ্থ ডিষ্ট্ৰিক্ট জেনেৰেল পেট্ৰ'ল বিষয়াসকলে হেজেলটন ড্ৰাইভৰ ২০০ খণ্ডৰ এটা বাসগৃহত উপস্থিত হৈছিল । য'ত তেওঁলোকে শিখ নেতাজনৰ মৃতদেহ উদ্ধাৰ কৰে । মৃতদেহটো লগে লগে চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় । ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।