ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ এপ্ৰিল :কানাডাৰ অ'ণ্টাৰিঅ'ৰ উইণ্ডছৰত দুৰ্বৃত্তই হিন্দু মন্দিৰত আক্ৰমণ কৰে (Hindu temple vandalised in Windsor)। ভাৰত বিৰোধী শক্তিয়ে হিন্দু মন্দিৰটো ভাঙি লণ্ডভণ্ড কৰে বুলি উইণ্ডছৰ আৰক্ষীয়ে জনাইছে । ইতিমধ্যে উইণ্ডছৰ আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ঘটনাটোত জড়িত থকাৰ সন্দেহত দুজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । আৰক্ষীৰ বিবৃতি অনুসৰি, ৫ এপ্ৰিলত সংঘটিত এই ঘটনাটোৰ পাছতে আৰক্ষীৰ লোকসকলক সেই স্থানলৈ ততালিকে প্ৰেৰণ কৰা হয় ।
বিবৃতি অনুসৰি নৰ্থৱে এভিনিউৰ ১৭০০ ব্লকত আছে হিন্দু মন্দিৰটো । বিষয়াসকলে জনোৱা মতে মন্দিৰটোৰ দেৱালত দুৰ্বৃত্তই ভাৰত বিৰোধী কিছুমান শব্দ লিখাৰ লগতে ক'লা ৰঙৰ স্প্ৰে’ কৰিছিল (Anti India graffiti in Windsor)। অনুসন্ধানৰ সময়ত আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে । চিচিটিভি ফুটেজ অনুসৰি নিশা প্ৰায় ১২ বজাত (স্থানীয় সময় অনুসৰি) অঞ্চলটোত দুগৰাকী সন্দেহজনক ব্যক্তিক দেখা গৈছিল । তাৰ ভিতৰত এজনে মন্দিৰ ভৱনটোৰ দেৱালত আক্ৰমণ কৰা দেখা গৈছে আৰু আনজনে ওচৰৰ পৰিৱেশত নজৰ ৰাখিছে ।
এজন সন্দেহযুক্ত লোকক ক'লা চুৱেটাৰ, বাওঁ ভৰিত সৰু বগা লোগো থকা ক'লা পেণ্ট আৰু ক'লা আৰু বগা হাই-টপ জোতা পিন্ধা দেখা গৈছে । দ্বিতীয়জনক ক'লা পেণ্ট, চুৱেটশ্বীট ক'লা জোতা আৰু বগা মোজা পিন্ধি থকা দেখা গৈছে । উইণ্ডছৰ আৰক্ষীয়ে মন্দিৰৰ নিকটৱৰ্তী অঞ্চলৰ বাসিন্দাসকলক সন্দেহযুক্তলোকৰ প্ৰমাণৰ বাবে নিশা ১১ বজাৰ পৰা পুৱা ১ বজাৰ ভিতৰত তেওঁলোকৰ ঘৰৰ চিচিটিভি পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে (Unidentified man attacks Hindu temple in Canada)। লোকসকলক ঘটনা সন্দৰ্ভত কোনো তথ্য থাকিলে আৰক্ষীক ফোন কৰিবলৈ আহ্বান জনাইছে ।