ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ নৱেম্বৰ :চলিতে মাহৰ আৰম্ভণিতে পশ্চিম আফ্ৰিকাৰ উত্তৰ বুৰ্কিনা ফাছোত ভয়ংকৰ গণহত্যা সংঘটিত হৈছিল । দুৰ্বৃত্তই এখন গাঁৱত আক্ৰমণ কৰি প্ৰায় ৭০ গৰাকী লোকক হত্যা কৰিছিল । নিহতসকলৰ ভিতৰত বেছিভাগেই আছিল শিশু আৰু বৃদ্ধ । চৰকাৰী পক্ষই জনোৱা মতে ঘটনাটো তদন্তৰ অধীনত আছে । এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে এই আক্ৰমণৰ ঘটনাটো বৌলচা চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত জাওংগো গাঁৱত সংঘটিত হৈছিল ।
বিষয়াগৰাকীয়ে জনোৱা মতে সম্প্ৰতি বিষয়টো তদন্ত কৰি থকা হৈছে । ঘটনাস্থলীৰ পৰা তথ্য আৰু প্ৰমাণ সংগ্ৰহ কৰা হৈছে । ইফালে অপৰাধীসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই । উল্লেখ্য যে পশ্চিম আফ্ৰিকাৰ দেশখনে বছৰ বছৰ ধৰি অল-কায়দা আৰু ইছলামিক ষ্টেট গ্ৰুপৰ সৈতে সম্পৰ্কিত জেহাদী বিদ্ৰোহৰ সৈতে যুঁজি আছে । ফলস্বৰূপে দেশখনত হাজাৰ হাজাৰ লোক নিহত হৈছে আৰু ২ মিলিয়নতকৈও অধিক লোকে আভ্যন্তৰীণভাৱে স্থানান্তৰ হৈছে ।
দেওবাৰে ইউৰোপীয় ইউনিয়নে প্ৰথম অৱস্থাত গাঁওখনত আক্ৰমণৰ ফলত হোৱা মৃত্যুৰ সংখ্যা প্ৰায় ১০০ বুলি অনুমান কৰিছিল । অনুসন্ধানকাৰী দলে ভুক্তভোগী পৰিয়ালসমূহক সাক্ষাৎ কৰিছে । তাৰ পাছত মৃত্যুৰ সংখ্যা ৭০ গৰাকী হ'ব বুলি উল্লেখ কৰা হৈছে । ইফালে স্থানীয় প্ৰশাসনে দুদিন পাচতহে আনলোকসকলক আক্ৰমণৰ বিষয়ে সতৰ্ক কৰি দিছিল । আনহাতে অনুসন্ধানকাৰী এটা দলে ৪ দিন পাছত হে ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম হৈছিল । বিষয়াগৰাকীয়ে জনোৱা মতে অনুসন্ধানকাৰী দলৰ কনভয়ৰ ওপৰতো আক্ৰমণ হৈছিল ।