অসম

assam

ETV Bharat / international

Bhagat Singh martyrdom day: লাহোৰত ভগত সিঙৰ শ্বহীদ দিৱসলৈ পাক সন্ত্ৰাসবাদীৰ ভাবুকি - Bhagat Singh martyrdom day

সন্ত্ৰাসবাদী ভাবুকিৰ পাচতো পাকিস্তানৰ ভগত সিং সোঁৱৰণী ফাউণ্ডেচনে ২০২৩ চনৰ ২৩ মাৰ্চত পাকিস্তানৰ লাহোৰত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছে । সন্ত্রাসবাদী কার্য আৰু হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ আৰক্ষী তথা প্ৰশাসনক জনোৱা হৈছে (Bhagat Singh martyrdom day) ৷

Bhagat Singh martyrdom day
ভগত সিঙৰ শ্বহীদ দিৱসলৈ পাক সন্ত্ৰাসবাদীৰ ভাবুকি

By

Published : Mar 17, 2023, 4:10 PM IST

নিউজ ডেস্ক, 17 মাৰ্চ: পাকিস্তানৰ লাহোৰত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱস উদযাপনত বাধা আৰোপ সন্ত্ৰাসবাদী সংগঠনৰ ৷ ভগত সিং মেম’ৰিয়েল ফাউণ্ডেচন অৱ পাকিস্তানৰ অধ্যক্ষ ইমতিয়াজ ৰছিদ কুৰেশ্বীয়ে কয় যে, প্ৰতিবছৰৰ দৰে এইবাৰো পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনসমূহে ২০২৩ চনৰ ২৩ মাৰ্চৰ এই শ্বহীদ দিৱসত সভাস্থলী উৰুৱাই দিয়াৰ ভাবুকি দিছে (Bhagat Singh hanged to death in Lahore Jail)।

কিন্তু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকিক আওকাণ কৰি আগন্তুক শ্বহীদ দিৱস পূৰ্বৰ দৰেই উদযাপন কৰাৰ সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে বিএছএমএফপিয়ে । যোৱা বছৰো এই অনুষ্ঠানৰ সময়ত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা । এই সন্দৰ্ভত তথ্য ফাউণ্ডেচনৰ অধ্যক্ষ কুৰেশ্বীয়ে কয় যে, বিগত কিছুদিন ধৰি পাকিস্তানৰ বহু উগ্ৰবাদী সংগঠনে তেওঁক এই অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ ভাবুকি দি আহিছে (Indian revolutionary Bhagat Singh) ।

লগতে পঢ়ক:Poster war in Telangana: নিজামৰ দেশত সন্ধানহীন বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ

কুৰেশ্বীয়ে লগতে কয় যে, এই অনুষ্ঠানৰ সময়ত যদি কোনো ধৰণৰ প্ৰাণ বা সম্পত্তিৰ ক্ষতি হয়, তেন্তে ইয়াৰ বাবে প্ৰধানকৈ পাকিস্তান চৰকাৰ দায়ী হ’ব । তেওঁ লগতে কয় যে, ইয়াৰ পূৰ্বে এই অনুষ্ঠানটো লাহোৰত বহু বছৰ ধৰি উদযাপন কৰা হৈছিল । যোৱা কেইবছৰমানৰ ভিতৰত তেওঁলোকে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে, য’ত ফাউণ্ডেশ্যনৰ নেতা-সদস্য আৰু ভগত সিং, ৰাজগুৰু, সুখদেৱক ভালপোৱা পাকিস্তানী জনসাধাৰণক উগ্ৰপন্থীয়ে ইটা, বিলাহী আৰু লাঠিৰে আক্ৰমণ কৰিছিল (Indian freedom struggle)।

আগন্তুক কাৰ্যসূচী আৰু তাৰ প্ৰতি অহা ভাবুকিৰ সন্দৰ্ভত বিএছএমএফপিয়ে পাকিস্তানৰ কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰে । কোনো বছৰে তেওঁলোকে এই অনুষ্ঠান বাতিল কৰা নাই ৷ বৰঞ্চ বৃহৎ পৰিসৰত উদযাপন কৰা বুলি কয় বিএছএমএফপি কৰ্তৃপক্ষই । বিএছএমএফপিৰ নেতাসকলে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি পঞ্জাৱৰ মুখ্য সচিব, পঞ্জাৱ আৰক্ষীৰ মহাপৰিদৰ্শক, পাকিস্তান চৰকাৰৰ গৃহ সচিবলৈ প্ৰেৰণ কৰে (Oppression of the British Raj) ।

নিৰাপত্তাৰ বাবে মহাপৰিদৰ্শক অপাৰেচন, অতিৰিক্ত মহাপৰিদৰ্শক বিশেষ শাখা, চি চি পি অ’ লাহোৰ, উপ আয়ুক্ত লাহোৰ আৰু থানা শ্বদমান লাহোৰলৈ লিখিতভাৱে অনুৰোধ জনোৱা হয় । চলিত বৰ্ষৰ ২৩ মাৰ্চত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱস উদযাপনৰ সময়ত যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্য বা হিংসাত্মক কাৰ্য ৰোধ কৰাৰ বাবে উদ্যোক্তাসকলে অনুৰোধ জনায় (BSMFP leader Imtiaz Rashid Qureshi) ।

লগতে পঢ়ক:Rahul Gandhi reacts over Adani issue : ৰাহুল গান্ধীৰ মতে আদানিৰ প্ৰসংগক লৈ এতিয়াও শংকিত চৰকাৰ

সতীৰ্থ বিপ্লৱী শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপাৰৰ সৈতে ভগত সিঙক ১৯৩১ চনৰ ২৩ মাৰ্চত লাহোৰ কাৰাগাৰত তেতিয়াৰ ব্ৰিটিছ শাসকসকলে ফাঁচী দিছিল । ভগত সিঙৰ দেশৰ স্বাৰ্থত শ্বহীদ হোৱা ঘটনাই তেতিয়াৰ পৰাই একেৰাহে প্ৰজন্মৰ পিচত প্ৰজন্মক দেশপ্ৰেমৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে (Bhagat Singh Memorial Foundation of Pakistan) ৷

ABOUT THE AUTHOR

...view details