ইণ্টাৰনেচনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ :ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্রিয়া (funeral of Queen Elizabeth II) আজি ৰাষ্ট্ৰীয় সন্মানেৰে কৰা হ'ব । সোমবাৰে সন্ধিয়া প্ৰয়াত ব্ৰিটিছ ৰাণীক ৰাষ্ট্ৰীয় সন্মান আৰু ৰাজকীয় অনুষ্ঠানৰ মাজত তেওঁৰ স্বামী প্ৰিন্স ফিলিপৰ সমাধিক্ষেত্ৰ ৰজা জৰ্জ ষষ্ঠ মেম'ৰিয়েল চেপেলত সমাধিস্থ কৰা হ'ব (Elizabeth buried at King George VI Memorial Chapel) । সমগ্ৰ বিশ্বৰ বিশিষ্ট ব্যক্তিসকল ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ।
উল্লেখ্য, ৰাণীক অন্তিম দৰ্শনৰ বাবে যাওঁতে যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে অভূতপূৰ্ব ব্যৱস্থা হাতত লোৱা হৈছে । এই ঐতিহাসিক মুহূৰ্তটো পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিবলৈ বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ টেলিভিছন পৰ্দা স্থাপন কৰা হৈছে । তদুপৰি আজি ব্ৰিটেইনত এদিনীয়া ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে (one day public holiday declared in Britain) । ইয়াৰ উপৰি ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাকমুহূৰ্তত সমগ্ৰ ব্ৰিটেইনৰ জনসাধাৰণে এক মিনিটৰ মৌনতা পালন কৰিব ।