ইন্টাৰনেশ্যনেল ডেস্ক, 24 অক্টোবৰ :ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ল ঋষি ছুনক ৷ পূৰ্বৰ প্ৰধানমন্ত্ৰী পেনি মৰ্ডাণ্টে (Penny Mordaunt) নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পাছতেই নিশ্চিত হৈ পৰিছে এই কথা ৷ মৰ্ডাণ্টে ঘোষণা কৰিছিল যে, তেওঁ নিৰ্বাচনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ৷ যাৰ অৰ্থ হৈছে ঋষি ছুনক হৈছে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী (Rishi Sunak 57th Prime Minister of the country) ৷
42 বছৰীয়া ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ ৰাজনীতিবিদজনৰ (42 years old Indian origin British politician) বাবে ই কেৱল আটাইতকৈ ডাঙৰ দেৱালী উপহাৰেই নহয়, সম্ভৱতঃ পুৰণি কথাৰ উপলব্ধি মাথো ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে কনজাৰ্ভেটিভ দলে যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী হিচাপে ঋষি ছুনকৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ৷
ছুনকে বিদায়ী প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ হাতত 20000 ভোটৰ ব্যৱধানত পৰাজিত হোৱাৰ মাত্ৰ ন সপ্তাহ আগতে, ছুনকৰ আটাইতকৈ বন্য সমৰ্থকসকলেও তেওঁক দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি সপোন কেতিয়াও দেখা নাছিল ৷ কিন্তু ভাৰতীয় কোটিপতি আৰু ইনফোচিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ জামাইয়ে ট্ৰাছৰ পদ ত্যাগ কৰাৰ পিছতে স্বয়ংক্ৰিয় পছন্দ আছিল চুনাক ৷ আনকি বৰিছ জনছনে নিজকে এই প্ৰতিযোগিতাৰ পৰা আঁতৰাই আনিছিল ।
লগতে পঢ়ক :Kerala Governor Controversy : ৰাজ্যপালৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন ৯ উপাচাৰ্যৰ
দেশৰ 57 তম প্ৰধানমন্ত্ৰী হোৱাৰ বাবে ছুনকৰ যাত্ৰা কেতিয়াও তেওঁৰ বাবে সহজসাধ্য নাছিল ৷ কিন্তু তেওঁৰ সাহস আৰু অধ্যৱসায়ৰ বলত ব্ৰিটেইনৰ শীৰ্ষস্থানত উপনীত হ’বলৈ সক্ষম হৈছে । মূলতঃ পঞ্জাৱৰ কিন্তু UK ৰ চাউথ হেম্পটন এলেকাত এটা ভাৰতীয় পৰিয়ালত জন্ম গ্ৰহণ কৰা, ফাৰ্মাচিষ্ট মাতৃ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ (NHS) সাধাৰণ চিকিৎসক (GP) পিতৃৰ পুত্ৰ ঋষি ছুনকে সৰ্বশ্ৰেষ্ঠ শিক্ষা প্ৰাপ্ত কৰিবলৈ সংগ্ৰাম কৰিব লগা হৈছিল ।
তেওঁৰ ককা-আইতা পঞ্জাৱৰ আছিল ৷ কিন্তু প্ৰথমতে পূৱ আফ্ৰিকালৈ আৰু তাৰ পিছত ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰিছিল । চুনাকে উইনচেষ্টাৰ কলেজত শিক্ষা লাভ কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ অক্সফৰ্ডৰ লিংকন কলেজত দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতি (PPE) পঢ়িছিল ৷ পৰৱৰ্তী পৰ্যায়ত ফুলব্ৰাইট স্কলাৰ হিচাপে কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা MBA লাভ কৰিছিল ।
ষ্টেনফৰ্ডত পঢ়ি থাকোতে তেওঁ তেওঁৰ পত্নী অক্ষতা মূৰ্তিক লগ পাইছিল ৷ যি হৈছে ইনফোচিছ প্ৰতিষ্ঠা কৰা ভাৰতীয় কোটিপতি ব্যৱসায়ী এন আৰ নাৰায়ণ মূৰ্তিৰ কন্যা । ষ্টেনফৰ্ডত ছুনকে অক্ষতাক লগ পাইছিল ৷ তাৰ পাচত দুয়ো 2009 চনত বিবাহপাশত আৱদ্ধ হয় ৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ জীৱনলৈ আহে অনুষ্কা আৰু কৃষ্ণা নামৰ দুগৰাকী কন্যা সন্তান ৷
কেৱল প্ৰধানমন্ত্ৰীপদৰ দৌৰত পৰাজিত হোৱাই নহয়, যোৱা দুবছৰত, কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এই MB য়ে তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ উত্থান-পতন দেখিছে । 2020 চনৰ ফেব্ৰুৱাৰী মাহত 39 বছৰ বয়সত ব্ৰিটিছ কেবিনেটৰ দ্বিতীয় সৰ্বোচ্চ পদ- ৰাজকোষৰ চতুৰ্থ কনিষ্ঠতম চান্সেলৰ হোৱাৰ পৰা ব্ৰিটেইনৰ আটাইতকৈ সুঠাম চেহেৰাৰ সাংসদ হিচাপে মনোনীতো হৈছিল ৷ আনকি ব্ৰিটেইনৰ 222 তম ধনী ব্যক্তি তালিকাতো আছে বৰ্তমানৰ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ঋষি ছুনক (Britain gets its youngest Prime Minister in last 200 years) ৷
উল্লেখ্য যে, 2022 চনৰ এপ্ৰিল মাহত ছুনকে তেওঁৰ ধনী পত্নীৰ অধিবাসী কৰ স্থিতিৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীনো হ’ব লগা হৈছিল । কৰ স্থিতিয়ে আন এখন দেশত জন্ম গ্ৰহণ কৰা বা তেওঁলোকৰ পিতৃ-মাতৃ আন দেশৰ হ’লে, কেৱল তেওঁলোকে দেশত উপাৰ্জন কৰা উপাৰ্জনৰ ওপৰতহে UK ত কৰ পৰিশোধ কৰিবলৈ অনুমতি দিয়ে ।
কিন্তু চৰ্চাত আছিল যে, অক্ষতা যি এতিয়াও এগৰাকী ভাৰতীয় নাগৰিক, UK ত মাত্ৰ আবাসিক হিচাবেহে আছিল । যাৰ বাবে অক্ষতাই বিদেশী উপাৰ্জনৰ ওপৰত কৰ পৰিশোধ কৰাৰ পৰা বিৰত আছিল ৷ কিয়নো অক্ষতাই UK ত থকাৰ বিপৰীতে ভাৰতলৈ উভতি অহাৰ কথাহে বিবেচনা কৰিছিল ।