ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ মে':জাৰ্মানত প্ৰায় ৫০ বছৰ পুৰণি এখন বৃহৎ দলং ধ্বংস । সুৰক্ষাজনিত কাৰণত দলংখন ধ্বংস কৰা হয় । প্ৰায় ১৫০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰীৰে দলংখন ধ্বংস কৰা হয় (Germany bridge demolished with 150 kg explosive)। বহু লোকৰ কেমেৰাত বন্দী হৈ ৰ'ল দলংখন ধ্বংস হোৱাৰ বিশেষ মুহূৰ্ত । সম্প্ৰতি ভিডিঅ'বোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
জাৰ্মানীৰ লুডেনশ্চিডৰ ৰহমেদ ভেলী দলংখন ১৯৬৫ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল । কিন্তু পুৰণি দলংখনত ২০২১ চনৰ ডিচেম্বৰৰ পৰা ফাঁট মেলিবলৈ আৰম্ভ কৰে । জৰাজীৰ্ণ দলংখনেৰে যান-বাহনৰ চলাচলো বন্ধ কৰি দিয়া হৈছিল ।
এক প্ৰতিবেদনত উল্লেখ কৰা মতে, সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দলংখন ধ্বংস কৰাৰ প্ৰয়োজন আছিল (Rahmede Valley Bridge demolished)। দলংখন ধ্বংস কৰিবলৈ প্ৰায় ৩৩০ পাউণ্ড (১৫০ কিলোগ্ৰাম) বিস্ফোৰক ব্যৱহাৰ কৰা হয় । দলংখনৰ সমীপত থকা অট্টালিকাবোৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতিৰোধমূলক পদক্ষেপ হিচাপে প্ৰায় ৫০ টা বৃহৎ কণ্টেইনাৰ ব্যৱহাৰ কৰা হয় । ইফালে বিস্ফোৰণৰ ফলত ক্ষতি নহ'বলৈ খিৰিকীবোৰতো অতিৰিক্ত সঁজুলি ব্যৱহাৰ কৰা হয় ।