ইণ্টাৰনেশ্যনেল ডেস্ক,১০ জুন :ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে শুকুৰবাৰে সাংসদ পদৰ পৰা পদত্যাগ কৰে (Boris Johnson resigns as UK MP)। তেওঁৰ বিৰুদ্ধে সংসদক বিপথে পৰিচালিত কৰাৰ অভিযোগ প্ৰমাণিত হোৱাৰ পূৰ্বে তেওঁ পদত্যাগ কৰে । যি খবৰে সমগ্ৰ ব্ৰিটেইনক হতবাক কৰি তুলিছে । ইফালে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বিৰোধীৰ লগতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ পদত্যাগ পত্ৰ প্ৰদান কৰে । ইয়াৰ লগে লগে শাসনাধিস্থ কনজাৰ্ভেটিভ পাৰ্টিৰ ভিতৰচ'ৰাতো তীব্ৰ উত্তেজনা হোৱাৰ আশংকা কৰা হৈছে (UK politics)।
উল্লেখ্য যে জনছনে ক'ভিড মহামাৰীৰ সময়ত নিয়ম ভংগ কৰা চৰকাৰী দলবোৰৰ "পাৰ্টিগেট" সম্পৰ্কে সংসদত দিয়া বিভ্ৰান্তিকৰ মন্তব্যৰ বিষয়ে সাংসদসকলে তদন্ত কৰিছিল আৰু সেই তদন্তৰ ফলাফল পোৱাৰ পাছতে জনছনে পদত্যাগ কৰে (Boris Johnson resigns)। এক দীঘলীয়া পদত্যাগ পত্ৰত জনছনে বিৰোধীসকলক তেওঁক বিতাড়িত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে । লগতে তেওঁ ইংগিত দিয়ে যে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ ইমানতে শেষ নহয় । তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে এই মুহূৰ্তত সংসদ ত্যাগ কৰি যোৱাটো অতি বেদনাদায়ক ।
৫৮ বছৰীয়া জনছনে কয় যে তেওঁ বিশেষাধিকাৰ সমিতিৰ পৰা এখন পত্ৰ লাভ কৰিছিল য'ত স্পষ্টকৈ কোৱা হৈছে যে তেওঁলোকে জনছনক সংসদৰ পৰা বিতাড়িত কৰিবলৈ কাৰ্য্যক্ৰম ব্যৱহাৰ কৰিবলৈ সংকল্পবদ্ধ (Boris Johnson misleading Parliament)। জনছনৰ বিৰুদ্ধে তদন্ত কৰা সমিতিখনক কেংগাৰু আদালত বুলিও অভিহিত কৰে জনছনে । তদন্ত সমিতিখনত চৰকাৰ আৰু বিৰোধী পক্ষৰ সদস্য আছে ।