ইণ্টাৰনেচনেল ডেস্ক, ২৬ জানুৱাৰী :নেপালত যোৱা ১৫ জানুৱাৰীত সংঘটিত বিমান দুৰ্ঘটনাৰ পৰা উদ্ধাৰ হোৱা ব্লেক বক্সটো (black box of plane crash in Nepal) বিশ্লেষণৰ বাবে ছিংগাপুৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Nepal plane crash Black box sent to Singapore) । বিমানখনত থকা ৭২ জন লোকৰ আটাইকেইজনৰে মৃত্যু হোৱা দুৰ্ঘটনাটোৰ কাৰণ বিশ্লেষণৰ বাবে এইটো কৰা হৈছে । বৃহস্পতিবাৰে নেপালৰ চৰকাৰী সূত্ৰত এইকথা প্ৰকাশ । ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰ দুয়োটা চিংগাপুৰৰ পৰিবহণ সুৰক্ষা অনুসন্ধান ব্যুৰোৰ বিশেষজ্ঞসকলৰ দ্বাৰা পৰীক্ষা কৰা হ'ব (Singapores Transportation Safety Investigation Bureau) ।
অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ (Civil Aviation Authority of Nepal) মুখপাত্ৰ ৰাজেন্দ্ৰ কুমাৰ কে চিয়ে কয়, "নেপালৰ অনুসন্ধানকাৰী দলটোৱে শুকুৰবাৰে ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰ লৈ ৰাওনা হ'ব । তাত ডাটা ডাউনলোড আৰু বিশ্লেষণ কৰা হ'ব ।" প্ৰথমতে অৱশ্যে এইটো পৰামৰ্শ দিয়া হৈছিল যে ব্লেক বক্সটো ফ্ৰান্সলৈ লৈ যোৱা হ'ব, য'ত বিমানখন নিৰ্মাণ কৰা হৈছিল । কিন্তু নেপালী কৰ্তৃপক্ষই বৰ্তমান ৰেকৰ্ডাৰবোৰ ছিংগাপুৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে (Nepal plane crash in January 2023) ।
উল্লেখ্য, নেপাল চৰকাৰে গঠন কৰা এখন সমিতিয়ে এতিয়াও ইয়েটি এয়াৰলাইনছৰ বিমান দুৰ্ঘটনাৰ কাৰণ বিচাৰি আছে । ৰাজধানী কাঠমাণ্ডুৰ পৰা ২০০ কিলোমিটাৰ (১২৫ মাইল) পশ্চিমে অৱস্থিত ৰিজ'ৰ্ট চহৰ পোখৰাত ১৫ জানুৱাৰীত সংঘটিত দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰীসকলে এতিয়াও সন্ধানহীন হৈ থকা দুজন লোকৰ অৱশেষৰ বাবে পাহাৰখনত তন্নতন্নকৈ অনুসন্ধান কৰি আছে ।