অসম

assam

By

Published : May 31, 2023, 12:24 PM IST

ETV Bharat / international

Rahul's Address at California University : কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ভাষণত বিজেপি সমৰ্থকৰ ব্যাঘাত

শান্ত-শিষ্ট ৰাহুলে বিজেপি প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদ হাঁহি হাঁহি প্ৰতক্ষ্য কৰিছিল আৰু তেওঁলোকৰ সৈতে 'ভাৰত জোড়ো' বুলি শ্লোগান দি পৰিস্থিতি চম্ভালিছিল । লগতে অনুষ্ঠানত ব্যাঘাত জন্মোৱা বিজেপি সমৰ্থকসকলক আদৰণই জনাইছিল । পিছত অৱশ্যে আয়োজকসকলে তেওঁলোকক আঁতৰাই নিয়ে (BJP supporters disrupt Rahuls address to NRI) ।

Rahuls Address at California University
Rahuls Address at California University

ইণ্টাৰনেচনেল ডেস্ক, ৩১ মে' :বৰ্তমান মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । তাত তেওঁ মঙলবাৰে ছাণ্টা ক্ৰুজৰ কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ত প্ৰবাসী ভাৰতীয়সকলক এখন সভাত সম্বোধন কৰে (Rahuls address to NRI at California University) । কিন্তু উক্ত সভাখনৰ সময়তে এক অঘটন সংঘটিত হয় । সভাৰ মাজতে বিজেপি সমৰ্থকসকলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে শ্লোগান দিয়ে ।

কিন্তু সেই পৰিস্থিতি হাঁহি হাঁহি মোকাবিলা কৰে ৰাহুল গান্ধীয়ে । লগতে তেওঁ বিজেপি সমৰ্থককেইজনক কেইবাৰমান হাত জোকাৰি অভিবাদন জনোৱাও দেখা যায় । কিন্তু বিজেপি সমৰ্থককেইজনে ৰাহুল গান্ধীৰ অনুষ্ঠানত ব্যাঘাত জন্মাই থকাত অনুষ্ঠানটোৰ আয়োজকসকলে তেওঁলোকক আঁতৰাই লৈ যায় (BJP supporters disrupt Rahuls address to NRI) ।

বিজেপিৰ সমৰ্থককেইজনে উচ্চ স্বৰে জোড়ো, জোড়ো শ্লোগান দিয়াৰ লগে লগে ৰাহুল গান্ধীয়েও তেওঁলোকৰ সৈতে 'ভাৰত জোড়ো' যোগ দিয়ে । উল্লেখ্য, ভাৰত জোড়ো হৈছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে প্ৰায় সকলো ৰাজ্য সামৰি সমগ্ৰ দেশজুৰি ৰাহুল গান্ধীৰ শেহতীয়া পদযাত্ৰা (Rahul Gandhi Bharat Jodo Yatra) । ৰাহুলে লগতে কয় যে কংগ্ৰেছ দলটো অতিথিপৰায়ণ । তেওঁলোকে প্ৰত্যেক প্ৰতিদ্বন্দ্বীকে স্বাগতম জনাব আৰু তেওঁলোকক মৰম আৰু ভালপোৱা প্ৰদৰ্শন কৰিব ।

"আমাৰ দলটোৰ গুৰুত্বপূৰ্ণ কথাটো চাওক । কংগ্ৰেছ দলৰ বিষয়ে ক'বলৈ গ'লে আমাৰ সকলোৰে প্ৰতি মৰম আছে । কোনোবাই যদি আহি কিবা ক'ব বিচাৰে তেন্তে তেওঁলোকে সেয়া নিৰ্বিঘ্নে ক'ব পাৰে । তাত আমি খং নকৰোঁ । আমি আক্ৰমণাত্মক হ'বলৈ নাযাওঁ । আমি তেওঁলোকৰ কথা ভালদৰে শুনিম । প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আমি তেওঁলোকৰ প্ৰতি স্নেহশীল হ'ম আৰু তেওঁলোকক মৰম কৰিম... কিয়নো সেয়া আমাৰ প্ৰকৃতি ।" ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণৰ মাজতে কয় ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে আমেৰিকাৰ তিনিখন চহৰ ভ্ৰমণ কাৰ্যসূচী লৈ ছান ফ্ৰান্সিস্কোত উপস্থিত হয় । তাত তেওঁ প্ৰবাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপ কৰিব আৰু আমেৰিকাৰ বিধায়িনী দলৰ সদস্যসকলক সাক্ষাৎ কৰিব । আনহাতে, ৰাহুল গান্ধীক বিমানবন্দৰত ইণ্ডিয়ান অ'ভাৰছীজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোডা (Indian Overseas Congress chairperson Sam Pitroda) আৰু আইঅ'চিৰ আন সদস্যসকলে আদৰণি জনায় ।

দলটোৰ মতে, ৰাহুলে ইমিগ্ৰেচন পৰীক্ষাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ বিমানবন্দৰত কমেও দুঘণ্টা অপেক্ষা কৰিবলগা হৈছিল । কিয়নো তেওঁৰ হাতত বৰ্তমান কূটনৈতিক পাছপোৰ্ট নাই । উল্লেখ্য যে তেওঁ সংশ্লিষ্ট পৰীক্ষাৰ বাবে শাৰীত অপেক্ষা কৰি থকাৰ সময়ত একেখন বিমানতে তেওঁৰ লগত যাত্ৰা কৰা কেইবাজনো যাত্ৰীয়ে তেওঁৰ সৈতে ছেলফি লয় । ৰাহুল গান্ধীয়েও তেওঁলোকৰ সৈতে হাঁহিমুখে সহযোগ কৰে ।

আনহাতে, তাৰ মাজতে তেওঁক সহযাত্ৰীসকলে প্ৰশ্ন কৰে যে তেওঁ কিয় শাৰীত থিয় হৈ আছে । তাৰ উত্তৰত ৰাহুলে কয় যে তেওঁ এজন সাধাৰণ মানুহ আৰু সেয়ে তেওঁ এইটো কৰি ভালপায় । "মই এজন সাধাৰণ মানুহ । মোৰ এইটো ভাল লাগে । মই এতিয়া সাংসদ নহয় ।" ৰাহুলে কয় ।

লগতে পঢ়ক :Nepal PM Visit: চাৰিদিনীয়া কাৰ্যসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details