ইণ্টাৰনেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ:আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ দেহত ক’ভিড-19 নিগেটিভ পোৱা গৈছে ৷ বৃহস্পতিবাৰে বাইডেনে ভাৰতলৈ গৈ G 20 সন্মিলনত অংশগ্ৰহণ কৰিব আৰু এই সময়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি মঙলবাৰে হোৱাইট হাউছে প্ৰকাশ কৰিছে । সোমবাৰে ফাৰ্ষ্ট লেডী জিল বাইডেনৰ দেহত কোভিড-19 পজিটিভ পোৱাৰ পিছতে বাইডেনৰ ক’ভিড টেষ্ট কৰা হৈছিল যদিও ৰিজাল্ট নিগেটিভ পোৱা গৈছিল ।
হোৱাইট হাউছত এক সংবাদমেলত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কয় যে, বৃহস্পতিবাৰে G 20 সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰিব । শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি বাইডেনে । বাইডেনে শনিবাৰ আৰু দেওবাৰে G 20 শীৰ্ষ সন্মিলনৰ আনুষ্ঠানিক অধিৱেশনত অংশগ্ৰহণ কৰিব বুলি চুলিভানে জনায় ।
এন এছ এয়ে কয় যে, বাইডেনে মুক্ত বজাৰৰ অংশীদাৰসকলৰ সৈতে কাম আগবঢ়াই নিবৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ । "G 20 ৰ প্ৰতি আমেৰিকাৰ দায়ৱদ্ধতা কেতিয়াও সলনি হোৱা নাই আৰু আমি আশা কৰোঁ যে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই G 20 শীৰ্ষ সন্মিলনে বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহে প্ৰত্যাহ্বানমূলক সময়তো একেলগে কাম কৰিব পাৰে ।"