ইণ্টাৰনেশ্যনেল ডেস্ক, 23 আগষ্ট:আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মাউইৰ হাৱাই দ্বীপত বনজুইৰ তাণ্ডৱত মৃ্তকৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতিদিনে । মৰ্মান্তিক ঘটনা সন্দৰ্ভত নিজৰ সহমৰ্মিতা প্ৰকাশ কৰিবলৈ গৈ নেটিজেনৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন ৷ ভয়াৱহ অগ্নিকাণ্ডৰ সন্মুখীন হোৱা হাৱাইৰ মাউইৰ বাসিন্দাসকলৰ প্ৰতি দুখ প্ৰকাশ কৰি ভাষণ প্ৰদানৰ সময়তে ৰাষ্ট্ৰপতি বাইডেনে হাৱাই দ্বীপৰ বনজুইৰ লেলিহান শিখাক নিজৰ ঘৰৰ পাকঘৰৰ সাধাৰণ জুইৰ সৈতে তুলনা কৰা কথাই সামাজিক মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা ।
সোমবাৰে হাৱাইত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "সমস্যাৰ তুলনা কৰিব নিবিচাৰো, কিন্তু ঘৰ এটা হেৰুৱালে কেনে অনুভৱ হয় জিল আৰু মোৰ অভিজ্ঞতা আছে । বছৰ বছৰ আগতে এতিয়াৰ পৰা 15 বছৰ পূৰ্বে মই ৱাশ্বিংটনত ‘মিট দ্য প্ৰেছ’ ত অংশগ্ৰহণ কৰি আছিলো । মোৰ ঘৰৰ বাহিৰৰ সৰু হ্ৰদ এটাত বজ্ৰ পৰিল । হ্ৰদ নহয়, ডাঙৰ পুখুৰী । তাঁৰবোৰত খুন্দা মৰাৰ পিচত আমি আমাৰ ঘৰৰ তললৈ নামি আহিলো । দীঘলীয়া কাহিনী এটা চুটিকৈ ক'বলৈ গ'লে মই মোৰ পত্নী, মোৰ '67 কৰ্ভেট আৰু মোৰ মেকুৰীটোক প্ৰায় হেৰুৱাই পেলালোঁ ।"