নিউজ ডেস্ক, 11 মাৰ্চ: শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনে দুজন ভাৰতীয়-আমেৰিকানক বাণিজ্য নীতি আৰু আলোচনাৰ পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়ে ৷ ফ্লেক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ৰেৱতী আদৱৈতি(Revathi Advaithi, CEO of Flex) আৰু প্ৰাকৃতিক সম্পদ প্ৰতিৰক্ষা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনীষ বাপনাক(Manish Bapna, CEO of the NRDC) বাণিজ্য নীতি আৰু আলোচনাৰ পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয় ।
শুক্ৰবাৰে, বিডেনে পৰামৰ্শদাতা সমিতিত 14 গৰাকী বিষয়াক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে ৷ যিসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য নীতিৰ বিকাশ, ৰূপায়ণ আৰু প্ৰশাসনৰ বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য প্ৰতিনিধিক সামগ্ৰিক নীতিগত পৰামৰ্শ প্ৰদান কৰিব ।
হোৱাইট হাউছৰ তৰফৰ পৰা জনোৱা হয় যে, ইয়াৰ ভিতৰত আছে বাণিজ্যিক চুক্তি তৈয়াৰ কৰাৰ আগতে আলোচনাৰ উদ্দেশ্য আৰু দৰদামৰ স্থিতি, বাণিজ্য চুক্তি ৰূপায়ণৰ প্ৰভাৱ, এবাৰ কৰা যিকোনো বাণিজ্য চুক্তিৰ পৰিচালনা সম্পৰ্কীয় বিষয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য নীতিৰ বিকাশ, ৰূপায়ণ আৰু প্ৰশাসনৰ সন্দৰ্ভত উদ্ভৱ হোৱা অন্যান্য বিষয়সমূহ ৷
ৰেৱতী আদৱৈতি ফ্লেক্সৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দ্বায়িত্বত আছিল যি গ্লোবেল মেনুফেকচাৰিং পাৰ্টনাৰ যিয়ে বিশ্বৰ উন্নতিৰ বাবে বিভিন্ন গ্ৰাহকৰ ভিত্তি ডিজাইন আৰু প্ৰডাক্ট নিৰ্মাণ কৰাত সহায় কৰিছিল । ২০১৯ চনত এই দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা আদৱৈতিয়ে কোম্পানীটোৰ কৌশলগত দিশৰ স্থাপত্য আৰু উৎপাদন ক্ষেত্ৰত এক নতুন যুগক সুচনা কৰি পৰিৱৰ্তনৰ মাজেৰে ফ্লেক্সক নেতৃত্ব দিছিল বুলি হোৱাইট হাউছে উল্লেখ কৰিছে ।
ফ্লেক্সৰ পূৰ্বে ৰেৱতী আদৱৈতি Eaton ৰ বৈদ্যুতিক খণ্ডৰ সঞ্চালক আৰু মুখ্য পৰিচালন বিষয়া আছিল । য'ত ২০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক বিক্ৰী আৰু প্ৰায় ১,০২,০০০ গৰাকী কৰ্মচাৰী আছিল ৷ তেওঁ Eaton ৰ বৈদ্যুতিক খণ্ড আৰু Honeywell ত কাম কৰাৰ লগতে উবেৰ আৰু Catalyst.org. পৰিচালনা সমিতিৰ সদস্য হিচাপেও সেৱা আগবঢ়াইছিল ।