অসম

assam

ETV Bharat / international

48 ঘন্টীয়া প্ৰতিবাদ, নিৰ্বাচনকালত ধৰ্ণাত কঁপিব বাংলাদেশৰ ৰাজপথ

Bangladesh Nationalist Party calls for 48 hour nationwdie hartal : সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত দেশজুৰি 48 ঘন্টীয়া ধৰ্মঘটৰ আহ্বান বি এন দলৰ ৷ দেওবাৰে হ’ব লগা নিৰ্বাচন বৰ্জন, প্ৰধানমন্ত্ৰী হাছিনাৰৰ পদত্যাগৰ দাবীত এই ধৰ্মঘটৰ আহ্বান দলটোৰ ৷

BNP calls for 48 hour nationwdie hartal ahead elections
48 ঘন্টাত প্ৰতিবাদ ধৰ্ণাৰে কঁপিব বাংলাদেশৰ ৰাজপথ

By ANI

Published : Jan 6, 2024, 8:31 AM IST

Updated : Jan 6, 2024, 11:00 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 6 জানুৱাৰী : 7 জানুৱাৰীত অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন ৷ তাৰ পূৰ্বে দেশখনৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী হিংসা সংঘটিত হৈছে ৷ বিশেষকৈ দেশখনৰ প্ৰধান বিৰোধী দল বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি চমুকৈল বি এন পিয়ে সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ নকৰাক লৈ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে ৷ ইফালে দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বি এন পিয়ে শনিবাৰৰ পৰা 48 ঘণ্টীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান কৰিছে ৷

বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰৰ চৰকাৰক অবৈধ চৰকাৰ বুলি উল্লেখ কৰি দলটোৱে প্ৰধানমন্ত্ৰী পদৰ পৰা হাছিনাক পদত্যাগৰো দাবী জনাইছে ৷ এই বাতৰি প্ৰকাশ কৰিছে ঢাকা ট্ৰিবিউনে ৷ বাতৰিটোত লগতে কোৱা হৈছে যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বাধীন বি এন পিয়ে দেওবাৰে অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে ৷

ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি, বি এন পিয়ে সমগ্ৰ দেশতে শোভাযাত্ৰা, চৰকাৰৰ বিৰোধী গণ প্ৰচাৰ আৰু পত্ৰিকা বিতৰণ কৰিব ৷ এই সন্দৰ্ভত বি এন পিৰ নেতা জেনেৰেল ৰুহুল কবিৰ ৰিজৱীয়ে বৃহস্পতিবাৰে সামাজিক মধ্যমত ঘোষণা কৰে, ‘‘শনিবাৰে পুৱা 6 বজাত আৰম্ভ হ'ব প্ৰতিবাদ অৰ্থাৎ হৰতাল আৰু সোমবাৰে পুৱা 6 বজাত শেষ হ'ব ৷ বি এন পিৰ লগতে সহযোগী দলসমূহে একেলগে হৰতাল কাৰ্যসূচী পালন কৰিব ৷’’

উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে বৰ্তমানৰ চৰকাৰ বিৰুদ্ধে বিভিন্ন অভিযাগ উত্থাপন কৰি আহিছে বি এন পিয়ে ৷ যাৰ ফলত অস্বস্তি পৰিছিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰৰ চৰকাৰ ৷ ইফালে দেশখনৰ নিৰ্বাচনক লৈ ভাৰত-চীনৰ মাজতো শীত যুদ্ধ আৰম্ভ হৈছে ৷ ভাৰত-চীনৰ কূটনৈতিক যুঁজলৈ পৰিণত হোৱা বাংলাদেশৰ নিৰ্বাচনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক :বাংলাদেশত নিৰ্বাচনী হিংসা, যাত্ৰীবাহী ৰে’লত দুৰ্বৃত্তৰ অগ্নিসংযোগ

Last Updated : Jan 6, 2024, 11:00 AM IST

ABOUT THE AUTHOR

...view details