ইন্টাৰনেশ্যনেল ডেস্ক, 17 জানুৱাৰী: সোমবাৰে পুৱাই মধ্য কেলিফৰ্ণিয়াত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা ৷ এটা বাসগৃহত সংঘটিত হোৱা গুলীচালনাত এটি কণমানি শিশুসহ ছয়গৰাকী লোক নিহত হয় ৷ নিহতসকলৰ ভিতৰত আছে ৬ মহীয়া এটি কণমানি দেৱশিশুৰ লগতে তেওঁৰ ১৭ বছৰীয়া মাতৃও (6 killed in shooting at California) ৷ এই তথ্য সদৰী কৰিছে শ্বেৰিফৰ বিষয়াসকলে ।
টুলাৰে কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে জনোৱা মতে, ভিছালিয়াৰ ঠিক পূব দিশত অৱস্থিত এটা বাসগৃহত ধাৰাষাৰ গুলীচালনা হোৱাৰ খবৰ প্ৰায় ৩:৩০ বজাত লাভ কৰিছিল আৰু ইয়াৰ পাছতে ততাতৈয়াকৈ কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে সঁহাৰি দিয়াৰ লগতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয়গৈ (6 killed in shooting at California home) ।
কাৰ্যালয়টোৰ এগৰাকী শীৰ্ষ বিষয়াই সাংবাদিকৰ আগত উল্লেখ কৰা অনুসৰি, "গুলীচালনা সংঘটিত হোৱা স্থানত পূৰ্বৰে পৰা এজন সক্ৰিয় শ্বুটাৰে টহল দি থকাৰ খবৰ আমি লাভ কৰিছিলো ৷ খবৰ লাভ কৰাৰ পিছতে আমাৰ দল সেই স্থানত উপস্থিত হওগৈ যদিও আমি পথৰ দাঁতিত দুজন ব্যক্তিৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰিছিলো ৷ তাৰ পাছত অলপ আগুৱাই গৈ তৃতীয়জন ব্যক্তিক বাসগৃহটোৰ দুৱাৰমুখত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিলো ৷ তৃতীয়জনক দুৰ্বৃত্তই অতি নৃসংশভাৱে গুলীয়াই হত্যা কৰিছিল ৷"
বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, " বাসগৃহটোৰ ভিতৰত আৰু তিনিগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ কিন্তু ইয়াৰে এগৰাকী ব্যক্তি সেই সময়ত উশাহ লৈ আছিল অৰ্থাৎ জীৱিত অৱস্থাত আছিল ৷ পিছত ততাতৈয়াকৈ তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত ব্যক্তিগৰাকীৰ মৃত্যু ঘটে ।"