ইণ্টাৰনেশ্যনেল ডেস্ক,৩১ জুলাই :দীৰ্ঘদিন ধৰি ইজৰাইলী আৰু পেলেষ্টিনিয়ানৰ মাজত সংঘৰ্ষ অব্যাহত আছে । এই সংঘৰ্ষত এতিয়ালৈ শ শ লোকে প্ৰাণ হেৰুৱাইছে, বহু লোক ঘূণীয়া হৈছে । দেওবাৰে পুনৰ লেবাননৰ পেলেষ্টিনিয়ানৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰত আক্ৰমণ । ভয়ংকৰ আক্ৰমণটোত প্ৰায় ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । দক্ষিণ বন্দৰ চহৰ চিডনৰ সমীপৰ লেবাননত থকা পেলেষ্টিনিয়ানৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰটোত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে ৭ গৰাকী লোক আহত হয় ।
লেবাননৰ চৰকাৰী ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি ৰাষ্ট্ৰসংঘৰ ৰিলিফ এণ্ড ৱৰ্কছ এজেঞ্চি ফৰ পেলেষ্টাইন ৰিফিউজি ইন দা নিয়ৰ ইষ্ট (UNRWA)ৰ মতে, আহতসকলৰ ভিতৰত দুগৰাকী শিশুও আছে । লেবানিজ সেনাৰ এক বিবৃতি অনুসৰি শিবিৰৰ বাহিৰত থকা এটা সামৰিক বেৰেকত মৰ্টাৰেৰে আক্ৰমণ কৰা হৈছিল য'ত এজন সৈনিক আহত হয় । অৱশ্যে তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ ।
ইফালে, দেওবাৰে এক বিবৃতিযোগে পেলেষ্টাইন দল ফাতাহে কয় যে, এক ভয়ংকৰ অভিযানৰ সময়ত কমাণ্ডাৰ আশ্ৰাফ আল-আৰ্মুচি আৰু তেওঁৰ ৪ জন সহযোগীক হত্যা কৰা হয় । এম্বুলেন্সবোৰে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে শিবিৰৰ চাৰিওফালে থকা ৰাস্তাবোৰৰ মাজেৰে যোৱাৰ সময়তে দলবোৰে এছল্ট ৰাইফল, ৰকেট চালিত গ্ৰেনেড লঞ্চাৰ আৰু হেণ্ড গ্ৰেনেড প্ৰদৰ্শন কৰাৰ লগতে যুঁজত লিপ্ত হয় ।