ইণ্টাৰনেশ্যনেল ডেস্ক, 11 ছেপ্টেম্বৰ:পাকিস্তানত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী ৷খাইবাৰ পখতুনখোৱাৰ চিত্ৰাল জিলাত দেওবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে গুলীয়াগুলিত কমেও 7 জনকৈ সন্ত্ৰাসবাদী নিহত হোৱা বুলি আন্তঃসেৱা জনসংযোগে জানিবলৈ দিয়ে । ISPR য়ে জনোৱা তথ্য অনুসৰি এই প্ৰচণ্ড গুলীচালনাৰ সময়ত আৰু 6 গৰাকী সন্ত্ৰাসবাদী গুৰুতৰভাৱে আহত হয় বুলি উল্লেখ কৰে ।
উল্লেখ কৰা প্ৰয়োজন যে, খাইবাৰ পাখতুনখোৱাত আইন-শৃংখলাৰ অৱনতি ঘটাৰ ফলত অঞ্চলটোত অপৰাধৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে অধিক সন্ত্ৰাসবাদী নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে উক্ত স্থানত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত ৰখা হৈছে । আই এছ পি আৰে এক বিবৃতিযোগে কয়, "অঞ্চলটোৰ স্থানীয় লোকসকলে নিৰাপত্তা বাহিনীৰ এই অভিযানৰ শলাগ লৈছে ৷ লগতে দেশখনৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে ।"