নিউজ ডেস্ক, 30 জুলাই : দেওবাৰে পাকিস্তানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ পাকিস্তানৰ বাজাউৰৰ খাৰত অনুষ্ঠিত হোৱা জমিয়ত উলেমা-ই-ইছলাম-ফজল (জেইউআই-এফ)ৰ এক কৰ্মী সন্মিলনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই বোমা বিস্ফোৰণৰ ফলত কমেও 35 জন লোক নিহত হয় আৰু 200 জনৰো অধিক লোক আহত হয় বুলি আৰক্ষীৰ লগতে স্বাস্থ্য বিষয়াসকলে জানিবলৈ দিয়ে ৷
এই ঘটনাৰ পিচতে জেইউআই-এফৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু প্ৰদেশৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী আজম খানক ঘটনাটোৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ তেওঁ লগতে দলীয় কৰ্মীসকলক চিকিৎসালয়ত উপস্থিত হৈ আহতসকলক ৰক্তদান কৰিবলৈ আহ্বান জনায় ৷
ইফালে মুখ্যমন্ত্ৰী আজম খানে এই বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ লগতে জিলা প্ৰশাসনৰ পৰা ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰে ৷ খাইবাৰ পাখতুনখোৱাৰ ৰাজ্যপাল তথা জেইউআইএফৰ কেন্দ্ৰীয় সদস্য হাজী গোলাম আলীয়ে মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত কৰিছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি আহতসকলক নিকটৱৰ্তী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ বেছিসংখ্যক আঘাতপ্ৰাপ্ত লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷