নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ :বাংলাদেশত সংঘটিত হৈছে এক নাও দুৰ্ঘটনা (Boat accident in Bangladesh) ৷ এই নাও দুৰ্ঘটনাত কমেও 23 গৰাকী যাত্ৰী নিহত হৈছে ৷ বৰ্তমানেও সন্ধানহীন হৈ আছে 30 গৰাকীৰো অধিক যাত্ৰী ৷ জানিব পৰা মতে, আউলিয়া ঘাটত সংঘটিত হৈছে এই শোকাৱহ নাও দুৰ্ঘটনাটো (Many people died in boat accident in Bangladesh) ৷
এই পৰ্যন্ত উদ্ধাৰ হোৱা মৃতদেহসমূহৰ ভিতৰত মহিলা আৰু শিশুও আছে বুলি জানিবলৈ দিয়ে দুৰ্ঘটনা সংঘটিত হোৱা উত্তৰ পঞ্চগড়ৰ জিলা প্ৰশাসক জাহুৰুল ইছলামে ৷ বৰ্তমানেও নিৰুদ্দেশ হোৱা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে ৷ তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল 70 গৰাকীৰো অধিক যাত্ৰী ৷