শিৱসাগৰ, 8 মে’ :ঢোল, পেঁপা, গগনাৰ মাতত কঁপি উঠিল বিশ্বৰ অন্যতম ধনী চহৰ ডুবাই(Rangali Bihu celebrations in Dubai) ৷ সঁচাকৈয়ে এগৰাকী প্ৰকৃত অসমীয়াক বিহুৰ পৰা আঁতৰত বান্ধি ৰাখিব নোৱাৰে দূৰত্বই ৷ সাত সাগৰ তেৰ নদীৰ সিপাৰে ডুবাইত বাস কৰা প্ৰতিগৰাকী অসমীয়া একত্ৰিত হ’ল এই ব’হাগতে ৷ মন খুলি উদযাপন কৰিলে ৰঙালী বিহু, প্ৰাণ ঢালি নাচিলে এপাক ৷
কৰ্মসূত্ৰে অথবা ব্যৱসায়িক সূত্ৰে ডুবাইত বাস কৰা অসমীয়া লোকসকলে শনিবাৰে একত্ৰিত হৈ উদযাপন কৰে ব’হাগী বিদায় শীৰ্ষক এটি ৰঙীন সন্ধিয়া ৷ ডুবাইৰ কাৰ্লটন পেলেচ হোটেল(Carlton palace hotel dubai)ত অনুষ্ঠিত এই অনুষ্ঠানত বিহু হুঁচৰি আদিৰ লগতে ভালেমান সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে সুৰৰ ৰাগীৰে উপস্থিত দৰ্শকক মতলীয়া কৰে বিশিষ্ট গায়িকা তৰালি শৰ্মাৰ লগতে আন কেইবাগৰাকীও বাছকবনীয়া শিল্পীয়ে ৷