নিউজ ডেস্ক, ১ এপ্ৰিল :1 এপ্ৰিল- মানে এপ্ৰিল ফুল । মানে বুৰ্বকৰ দিন ! সমগ্ৰ বিশ্বতে এই ১ এপ্ৰিলৰ দিনটো এক ব্যতিক্ৰমীভাৱে পালন কৰা হয় (April Fools Day celebrated all over world) । সহজ ভাষাত ক'বলৈ গ'লে ১ এপ্ৰিলক মূৰ্খৰ দিন হিচাপে পালন কৰা হয় ! ১ এপ্ৰিলত সাধাৰণতে পৰিয়াল, বন্ধুবৰ্গ আৰু ঘনিষ্ঠ পৰিচিতসকলৰ সৈতে এপ্ৰিল ফুল দিৱস উদযাপন কৰা হয় (April Fools Day 2023) । এই দিৱসত মানুহে ইজনে সিজনক ঠাট্টা কৰে, মূৰ্খ সজাবলৈ চেষ্টা কৰে, ৰগৰ কৰে আৰু কৌতুকৰ সৃষ্টি কৰি হাঁহিৰ খোৰাক যোগাই প্ৰিয়জনৰ সৈতে এক আমোদজনক পৰিৱেশৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হয় । যদিও এপ্ৰিল ফুল দিৱস কোনো বন্ধৰ দিন নহয়, তথাপি বহু ক্ষেত্ৰত মানুহে ইয়াক আড়ম্বৰপূৰ্ণ আৰু উদ্যমেৰে উদযাপন কৰি ৰং-ধেমালিৰ পৰিকল্পনা কৰে ।
অৱশ্যে এপ্ৰিল ফুল দিৱসৰ উৎপত্তিৰ বিষয়টো এতিয়াও অজ্ঞাত (origins of April Fools Day) । কিন্তু ইয়াৰ ওপৰত প্ৰচলিত একাধিক লোককথা আছে । ইয়াৰে ভিতৰত আটাইতকৈ জনপ্ৰিয় লোককথাটো হৈছে যে ষোড়শ শতিকাত পোপ গ্ৰেগৰী ত্ৰয়োদশে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিছিল (Pope Gregory XIII proposed to implement Gregorian Calendar) । জানুৱাৰীৰ 1 তাৰিখে ই কাৰ্যকৰী হোৱাৰ পিছত জুলিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটোৰ আৰম্ভণিৰ কাৰ্যপ্ৰণালী মাৰ্চৰ শেষৰ পৰা আৰম্ভ কৰা হৈছিল ।
ফ্ৰান্স হৈছে এই নতুন কেলেণ্ডাৰ কাৰ্যকৰী কৰা প্ৰথমখন দেশ । কিন্তু এই বাতৰিটো প্ৰচাৰ হোৱা সত্ত্বেও কিছু লোক এই পৰিৱৰ্তনৰ বিষয়ে অজ্ঞাত আছিল । লগতে নতুন পৰিৱৰ্তনবোৰ মানিবলৈ বাধ্য হোৱা নাছিল । ইয়াৰ বিপৰীতে 1 এপ্ৰিলত নতুন বছৰটো পালন কৰা অব্যাহত ৰাখিছিল । সেয়েহে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰণ কৰা লোকসকলে এই লোকসকলক নতুন কেলেণ্ডাৰ অনুসৰণ নকৰাৰ বাবে মূৰ্খ বুলি গণ্য কৰাৰ লগতে উপহাস কৰিছিল । এই ঘটনাটোৱেই পৰৱৰ্তীকালত ১ এপ্ৰিলত এপ্ৰিল ফুল দিৱসৰ জন্ম দিয়ে ।