অসম

assam

ETV Bharat / international

আফগানিস্তানত পুনৰ ভূমিকম্প, ৫ গৰাকী লোকৰ মৃত্যু

আফগানিস্তানৰ পাকটিকা প্ৰদেশত তিনি দিনৰ ভিতৰত দুটাকৈ ভূমিকম্প (Another earth quake in Afghanistan)। শুকুৰবাৰে ভূমিকম্পৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু । ইয়াৰ পূৰ্বে বুধবাৰে হোৱা ভূমিকম্পত প্ৰায় ১,১০০ গৰাকী লোকৰ মৃত্যু হৈছিল ।

Another earth quake in Afghanistan
আফগানিস্তানত পুনৰ ভূমিকম্প

By

Published : Jun 24, 2022, 5:05 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ জুন :প্ৰকৃতিৰ ৰোষত আফগানিস্তান । সপ্তাহটোৰ ভিতৰতে দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল দেশখন (Two earthquakes in Paktika province last 3 days)। শুকুৰবাৰে পুৱাই সপ্তাহটোৰ দ্বিতীয়টো ভূমিকম্পই জোকাৰি গ'ল দেশখনৰ পাকটিকা প্ৰদেশ ।

ভূমিকম্পৰ ফলত মৃত্যু হয় প্ৰায় ৫ গৰাকী লোকৰ । আনহাতে ১১ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে পুৱা প্ৰায় ১০ বজাত পাকটিকা প্ৰদেশৰ গয়ান জিলাত এই ভূমিকম্পটো হৈছে ।

ইফালে দুদিন পূৰ্বে অৰ্থাৎ বুধবাৰেও ভয়ংকৰ ভূমিকম্প হৈছিল পাকটিকা প্ৰদেশত (Earth quake in Paktika province)। য'ত প্ৰায় ১,১০০ গৰাকী লোকে প্ৰাণ হেৰুৱাই । ১,৬০০ ৰো অধিক লোক আহত হৈছিল এই ভূমিকম্পত । বিশেষকৈ গয়ান আৰু বৰমল জিলা এই ভূমিকম্পৰ ফলত সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল ।

গয়ান জিলাত ১,৬০০ ৰো অধিক বাসগৃহ ধ্বংসস্তুপত পৰিণত হৈছিল । এই ভয়ংকৰ ভূমিকম্পই দেশবাসীক শংকিত কৰি থকাৰ মাজতে শুকুৰবাৰ পুনৰ ভূমিকম্প হোৱাত এতিয়া অধিক চিন্তিত হৈছে দেশবাসী । বিশেষকৈ পাকটিকা প্ৰদেশৰ নাগৰিকসকল অধিক শংকিত হৈ পৰিছে ।

ইফালে আফগানিস্তানক এনে দুৰ্যোগৰ মাজতে বিভিন্ন দেশে সহায়ৰ বাবে মন মেলিছে । ভাৰতে ২ খনকৈ বিমানত বহু পৰিমাণে জৰুৰীকালীন সামগ্ৰী প্ৰেৰণ কৰিছে । আফগানিস্তানৰ জনসাধাৰণক সহায়ৰ বাবে ভাৰত সদায় প্ৰস্তুত বুলিও ইতিমধ্যে চৰকাৰে উল্লেখ কৰিছে ।

লগতে পঢ়ক :আফগানিস্তানত ভূমিকম্পত মৃত্যু প্ৰায় 155 জনৰ

ABOUT THE AUTHOR

...view details