অসম

assam

ETV Bharat / international

ভাৰতৰ সৈতে কূটনৈতিক বিতৰ্কৰ মাজতে চীনত উপস্থিত মালদ্বীপৰ ৰাষ্ট্ৰপতি - PM Narendra Modi

Maldives China relations : মালদ্বীপৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীক বেইজিঙত চীনা বিষয়াসকলে আদৰণি জনায় । এয়া হৈছে তেওঁৰ প্ৰথম চীন ভ্ৰমণ । মালদ্বীপৰ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ বাবে কূটনৈতিক বিতৰ্কৰ মাজতে এই ভ্ৰমণে যথেষ্ট চৰ্চা লাভ কৰিছে ।

চীনত উপস্থিত মালদ্বীপৰ ৰাষ্ট্ৰপতি
চীনত উপস্থিত মালদ্বীপৰ ৰাষ্ট্ৰপতি

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 1:32 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ৮ জানুৱাৰী : পাঁচদিনীয়া ৰাষ্ট্ৰীয় ভ্ৰমণসূচীৰে সোমবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজু বেইজিঙত উপস্থিত হয় । তেওঁ চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে আলোচনাত মিলিত হ'ব । লগতে মালদ্বীপ-চীন দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কেইবাখনো চুক্তি স্বাক্ষৰ কৰিব । উল্লেখ্য যে চীনাপন্থী হিচাপে গণ্য কৰা মুইজজুৰ সৈতে তেওঁৰ পত্নী চাজিদা মহম্মদ আৰু এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলেও এই ভ্ৰমণসূচীত অংশগ্ৰহণ কৰিছে ।

আনহাতে, বেইজিঙত উপস্থিত হোৱাৰ পিছত মালদ্বীপৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীক চীনৰ জ্যেষ্ঠ বিষয়াসকলে উষ্ম আদৰণি জনায় । উল্লেখ্য যে এয়া হৈছে মুইজজুৰ প্ৰথম চীন ভ্ৰমণ । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণৰ সময়ত পোষ্ট কৰা সাগৰৰ পাৰৰ এটা ভিডিঅ' সন্দৰ্ভত মালদ্বীপৰ কেইগৰাকীমান মন্ত্ৰীয়ে কৰা অপমানজনক মন্তব্যৰ ফলত সৃষ্টি হোৱা কূটনৈতিক বিতৰ্কৰ বাবে এই ভ্ৰমণে চৰ্চা লাভ কৰিছে ।

এই বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ভাৰতত থকা মালদ্বীপৰ দূতগৰাকীক সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তলৱ কৰে আৰু এই মন্তব্যৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

আনহাতে, চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনৰ মতে, মুইজজুৱে চীনৰ ৰাষ্ট্ৰপতি ঝিৰ সৈতে আলোচনাত মিলিত হৈ দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিব ।

"চীন আৰু মালদ্বীপৰ মাজৰ সম্পৰ্ক এতিয়া এক নতুন ঐতিহাসিক আৰম্ভণি স্তৰত উপনীত হৈছে । আমি বিশ্বাস কৰোঁ যে এই ভ্ৰমণৰ জৰিয়তে দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে দ্বিপাক্ষিক সম্পৰ্কক এক নতুন উচ্চতাত উপনীত কৰাবলৈ কৌশলগত নিৰ্দেশনা প্ৰদান কৰিব ।" ৱাঙে ৫ জানুৱাৰীত সংবাদ মাধ্যমৰ আগত কয় ।

ৰাষ্ট্ৰপতি মুইজজুৰ ভ্ৰমণকালত মালদ্বীপ আৰু চীনে চৰকাৰী আলোচনাত মিলিত হোৱাৰ লগতে বাণিজ্য, পেছাদাৰী বিকাশ আৰু আৰ্থ-সামাজিক সহযোগিতা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিব । মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে ।

ইয়াৰ উপৰি এই ভ্ৰমণে দুয়োখন দেশৰ মাজত প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতাৰ পথপ্ৰশস্ত কৰিব বুলিও বিবৃতিটোত কোৱা হৈছে ।

মুইজজুৱে চীনৰ দক্ষিণ-পূব চহৰ ফুঝৌত ইনভেষ্ট মালদ্বীপ ফ'ৰামত অংশগ্ৰহণ কৰিব আৰু মালদ্বীপ আৰু চীনৰ মাজত আৰ্থ-সামাজিক সম্পৰ্ক শক্তিশালী কৰাৰ পথ অন্বেষণ কৰিবলৈ চীনৰ জ্যেষ্ঠ ব্যৱসায়িক নেতাসকলক সাক্ষাৎ কৰিব ।

লগতে পঢ়ক :মালদ্বীপৰ দূতক তলব বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

ABOUT THE AUTHOR

...view details