ইণ্টাৰনেচনেল ডেস্ক, ২৬ জুলাই : পাকিস্তানত মছজিদৰ ভিতৰত পুনৰ বোমা বিস্ফোৰণ । এআৰৱাই নিউজে মঙলবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি, খাইবাৰ জিলাৰ আলি মছজিদ অঞ্চলৰ এটা নিৰ্মাণৰত মছজিদত সংঘটিত বোমা বিস্ফোৰণৰ ফলত এজন অতিৰিক্ত ষ্টেচন হাউছ অফিচাৰ (এছএইচঅ') নিহত হয় । লগতে আন কেইবাজনো লোক আহত হয় । খাইবাৰ হৈছে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ পেছাৱাৰ খণ্ডৰ এখন জিলা ।
প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি, ঘটনাটো এটা আত্মঘাতী বোমা বিস্ফোৰণ বুলি অনুমান কৰা হৈছে । নিহত অতিৰিক্ত এছএইচঅ'জনক আদনান আফ্ৰিদি বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আহত লোকসকলক চিকিৎসা সহায়ৰ বাবে স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । জানিব পৰা মতে, জামৰুদৰ নিৰ্মাণৰত মছজিদটোত দুজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য সন্দৰ্ভত খাইবাৰ আৰক্ষীয়ে চোৰাংচোৱাৰ ভিত্তিত অভিযান চলাইছিল ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়ত এজন সন্ত্ৰাসবাদীয়ে বোমাৰে নিজকে উৰুৱাই দিয়ে আৰু আনজন সন্ত্ৰাসবাদী বোমা বিস্ফোৰণস্থলীৰ পৰা পলাই যায় । অৱশ্যে এআৰৱাই নিউজে প্ৰকাশ কৰা মতে, সুৰক্ষা বাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।