নিউজ ডেস্ক, 9 জুলাই:আল জাজিৰাৰ বাতৰি অনুসৰি চুডানৰ এখন চহৰত বিমান আক্ৰমণত কমেও 22 জন লোক নিহত হৈছে ৷ চুডানৰ সেনা আৰু বিদ্ৰোহী অৰ্ধসামৰিক সংগঠনৰ মাজত কেইবা সপ্তাহজোৰা সংঘাতৰ এই আক্ৰমণ আজিলৈকে হোৱা অন্যতম ৰক্তাক্ত আক্ৰমণ ৷
স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি শনিবাৰে ৰাজধানী খাৰ্টুমৰ কাষৰ চহৰ ওমদুৰমানৰ আৱাসিক এলেকাত সংঘটিত হয় এই আক্ৰমণ ৷ অসংখ্য ব্যক্তি আহত হয় এই আক্ৰমণত ৷
ৰাজধানী আৰু অন্যান্য মহানগৰত সংঘটিত হোৱা সামৰিক আৰু ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত হোৱা সংঘৰ্ষৰ ভিতৰত এই বিমান আক্ৰমণ আছিল অন্যতম মাৰাত্মক সংঘৰ্ষ ৷ খাৰ্টুমত যোৱা মাহত বিমান আক্ৰমণত কমেও 17 জন ব্যক্তি নিহত হৈছিল, ইয়াৰে পাঁচটি আছিল শিশু ৷
হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা ওমদুৰমানৰ আৱাসিক জিলাসমূহত সেনাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি আৰ এছ এফে কয় যে এই আক্ৰমণত 31 জন লোকৰ মৃত্যু হৈছে ৷ আল জাজিৰাৰ মতে, সেনাই এটা গুৰুত্বপূৰ্ণ যোগান সংযোগ বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰিছিল ৷
গোটটোৱে এক বিবৃতিত কয় যে (সেনা প্ৰধান আব্দেল ফাত্তাহ) আল-বুৰহানৰ নেতৃত্বত সন্ত্ৰাসবাদী মিলিচীয়াই ইচ্ছাকৃতভাৱে চলোৱা বিমান আক্ৰমণক আৰ এছ এফে তীব্ৰ গৰিহণা দিছে ৷ লগতে কোৱা হৈছে যে, চুডানৰ সশস্ত্ৰ বাহিনীয়ে (এছ এ এফ) কৰা এই জঘন্য আক্ৰমণৰ ফলত 31 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু অসংখ্য অসামৰিক লোক আহত হৈছে ৷
ওমদুৰমানৰ দুজন বাসিন্দাৰ মতে, আক্ৰমণ কোনে কৰিছিল চিনাক্ত কৰাটো কঠিন আছিল ৷ তেওঁলোকে দাবী কৰে যে অঞ্চলটোত আৰ এছ এফৰ জোৱানসকলক সেনাৰ বিমানে নিয়মিতভাৱে আক্ৰমণ কৰে আৰু অৰ্ধসামৰিক গোটটোৱে ড্ৰ’ন আৰু বিমান বিৰোধী অস্ত্ৰ ব্যৱহাৰ কৰি প্ৰতিশোধ লয় ৷