অসম

assam

ETV Bharat / international

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৰাম মন্দিৰৰ বিশাল হৰ্ডিঙেৰে উজলিছে আমেৰিকা - ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা

Ram Mandir Billboards : এই হৰ্ডিংবোৰ টেক্সাছ, ইলিনয়ছ, নিউয়ৰ্ক, নিউজাৰ্চি আৰু জৰ্জিয়া তথা অন্যান্য প্ৰদেশত এতিয়া জিলিকি আছে । ইয়াৰ উপৰি ভিএইচপিৰ আমেৰিকান শাখাৰ মতে, সোমবাৰৰ পৰা আৰম্ভ হোৱা এই হৰ্ডিং উদযাপনত এৰিজোনা আৰু মিছৌৰী প্ৰদেশেও যোগদান কৰিবলৈ সাজু হৈছে ।

ৰাম মন্দিৰৰ বিশাল হৰ্ডিঙেৰে উজলিছে আমেৰিকা
ৰাম মন্দিৰৰ বিশাল হৰ্ডিঙেৰে উজলিছে আমেৰিকা

By ANI

Published : Jan 13, 2024, 1:26 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী :২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ পূৰ্বে সমগ্ৰ বিশ্বতে চলি আছে বিভিন্ন অনুষ্ঠান । তাৰ মাজতে উত্তৰ প্ৰদেশৰ মন্দিৰ চহৰখনৰ পৰা হাজাৰ মাইল দূৰৈৰ আমেৰিকাত ১০ খনতকৈও অধিক প্ৰদেশত ভগৱান ৰামৰ বিশাল হৰ্ডিং জিলিকি উঠিছে ।

বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) আমেৰিকা শাখাই বিভিন্ন দেশৰ হিন্দুসকলৰ সহযোগত 10 খন ৰাজ্যত 40 খনতকৈও অধিক হৰ্ডিং স্থাপন কৰি 22 জানুৱাৰীত অযোধ্যাৰ ৰামলালাৰ জন্মস্থানত বিশাল 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ বাৰ্তা চৌদিশে প্ৰদান কৰিছে ।

এই হৰ্ডিংবোৰ টেক্সাছ, ইলিনয়ছ, নিউয়ৰ্ক, নিউজাৰ্চি আৰু জৰ্জিয়া তথা অন্যান্য প্ৰদেশত এতিয়া জিলিকি আছে । ইয়াৰ উপৰি ভিএইচপিৰ আমেৰিকান শাখাৰ মতে, সোমবাৰৰ পৰা আৰম্ভ হোৱা এই হৰ্ডিং উদযাপনত এৰিজোনা আৰু মিছৌৰী প্ৰদেশেও যোগদান কৰিবলৈ সাজু হৈছে ।

"এই হৰ্ডিংসমূহৰ দ্বাৰা প্ৰদান কৰা সুন্দৰ বাৰ্তাটো হৈছে যে হিন্দু আমেৰিকানসকলে জীৱনত এবাৰ অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত উৎফুল্লিত আৰু আনন্দেৰে অংশগ্ৰহণ কৰিছে । তেওঁলোকৰ আৱেগ উপচি পৰিছে । কিয়নো তেওঁলোকে অভিষেক অনুষ্ঠানৰ পৱিত্ৰ দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।" আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক অমিতাভ ভি ডব্লিউ মিট্টালে এএনআইক কয় ।

"নিউজাৰ্চীৰ হিন্দু সম্প্ৰদায়ৰ মন আনন্দেৰে ভৰি পৰিছে, নিউয়ৰ্ক আৰু নিউজাৰ্চীত ওলাবলগীয়া কাৰ ৰেলী, প্ৰদৰ্শনী, ধৰ্মীয় পতাকাৰে শোভাযাত্ৰা, হৰ্ডিং আৰু ২১ জানুৱাৰীৰ নিশা বিশাল উদযাপনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে । মানুহৰ উৎসাহ স্পষ্ট হৈ পৰিছে, নিউজাৰ্চীৰ মন্দিৰৰ সদস্যসকলে প্ৰজন্ম ধৰি এই অনুষ্ঠানটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।" বিশ্ব হিন্দু পৰিষদৰ আমেৰিকা শাখাৰ যুটীয়া সাধাৰণ সম্পাদক তেজা এ শ্বাহে এএনআইক কয় ।

উল্লেখ্য যে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ স্মৃতিত সমগ্ৰ আমেৰিকাৰ হিন্দু আমেৰিকান সম্প্ৰদায়ে কেইবাটাও কাৰ ৰেলীৰ আয়োজন কৰিছে আৰু অযোধ্যাত 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠিত হোৱাৰ দিনাখন আৰু বহু অনুষ্ঠানৰ পৰিকল্পনা কৰিছে ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত বিশাল মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰত ৰামলালাৰ মূৰ্তি স্থাপনৰ আনুষ্ঠানিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে । আনহাতে, অযোধ্যাৰ বিশাল মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈ সকলো ক্ষেত্ৰৰ নেতা আৰু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে ।

মন্দিৰৰ বিষয়াসকলৰ মতে, অনুষ্ঠানটো ১৬ জানুৱাৰীৰ পৰা সাত দিন ধৰি অনুষ্ঠিত হ'ব । শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে ২২ জানুৱাৰীৰ দুপৰীয়া ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাক সিংহাসনত প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছে ।

আনহাতে, অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বৈদিক ৰীতি-নীতি মূল অনুষ্ঠানৰ এসপ্তাহ পূৰ্বে ১৬ জানুৱাৰীত আৰম্ভ হ'ব ।

লগতে পঢ়ক :ৰাম মন্দিৰ নিৰ্মাণৰ লগে লগে অযোধ্যাত ভূমিৰ পঞ্জীয়নো বৃদ্ধি

ABOUT THE AUTHOR

...view details