নিউজ ডেস্ক, ২৪ অক্টোবৰ :ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে (Former PM of UK Boris Johnson) কনজাৰ্ভেটিভ পাৰ্টীৰ (Conservative Party) নেতৃত্বৰ দৌৰৰৰ পৰা আঁতৰি আহিব বুলি নিশ্চিত কৰাৰ পিছত ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনক সোমবাৰে কনজাৰ্ভেটিভ পাৰ্টীৰ নেতৃত্বৰ দৌৰত আৰু এখোজ আগবাঢ়ি গৈছে ।
যাৰ ফলত ঋষি ছুনক ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় বংশোদ্ভৱ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ দুৱাৰদলিত উপনীত হৈছে । প্ৰত্যাৱৰ্তনৰ বাবে এইটো সঠিক সময় নহয় বুলি কৈ দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দেওবাৰে নিশা প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যোৱাৰ লগে লগে ছুনকৰ বাবে দেৱালী বিজয়ৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে (Rishi Sunak in the race of UK PM) ।
৪২ বছৰীয়া প্ৰাক্তন উপাচাৰ্যগৰাকীয়ে কয় যে তেওঁ দেশখনৰ অৰ্থনীতি ঠিক কৰিব বিচাৰে, দলটোক একত্ৰিত কৰিব বিচাৰে আৰু তেওঁৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ সময়ত তেওঁ দেশৰ বাবে সমৰ্পিত হ'ব বিচাৰে (UK outgoing Prime Minister Liz Truss) । উল্লেখ্য, তেওঁ উক্ত প্ৰতিদ্বন্দ্বিতাত এক দৃঢ় অগ্ৰগতি লাভ কৰিছে আৰু দেশখনৰ স্থানীয় সময় সোমবাৰে ২ বজাৰ ভিতৰত যি সময়সীমা বান্ধি দিয়া হৈছিল তাৰ পূৰ্বেই ১০০ জন সাংসদৰ সমৰ্থনৰ সীমা অতিক্ৰম কৰিছে (Rishi Sunak likely to be UK PM this Diwali) ।
আনহাতে, উক্ত প্ৰতিদ্বন্দ্বিতাৰ দৌৰৰ ছুনকৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী তথা হাউছ অব কমন্সৰ (House of Commons) নেতা পেনি মৰ্ডাণ্টৰ ১০০ জন সাংসদৰ সংখ্যা দখল কৰিবলৈ যথেষ্ট বাকী আছে । যাৰ ফলত সোমবাৰে সন্ধিয়াৰ লগে লগে প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীক নতুন নেতা ঘোষণা কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে ।
যদি ছুনক আৰু মৰ্ডাণ্ট দুয়োৱে চূড়ান্ত তালিকা প্ৰস্তুত কৰে তেন্তে তেওঁলোকে 170,000 টৰী সদস্যপদৰ অনলাইন ভোটৰ বাবে আগবাঢ়ি যাব । উল্লেখ্য, ছুনকৰ বিজয়ে প্ৰাক্তন বিত্ত মন্ত্ৰীজনৰ বাবে ৰাজনৈতিক ভাগ্যত এক উল্লেখযোগ্য পৰিৱৰ্তন চিহ্নিত কৰিব । কিয়নো বিগত মাহত দলৰ সহকৰ্মীসকলৰ মাজত তেওঁৰ জনপ্ৰিয়তা বিপুল সংখ্যক টৰী সদস্যৰ ভোটলৈ (Tory membership vote) ৰূপান্তৰ কৰিব নোৱাৰাত তেওঁ বিদায়ী প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ হাতত পৰাজিত হৈছিল ।
উল্লেখ্য, ট্ৰাছে বৃহস্পতিবাৰে কনজাৰ্ভেটিভ পাৰ্টীত তেওঁৰ নেতৃত্বৰ বিৰুদ্ধে মুকলি বিদ্ৰোহৰ পিছত মাত্ৰ 45 দিন কাৰ্যকালৰ পিছত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । "মই আপোনালোকৰ পৰা আমাৰ সমস্যাবোৰ সমাধান কৰাত সহায় কৰাৰ সুযোগ বিচাৰিছোঁ ।" ছুনকে তেওঁৰ শেহতীয়া প্ৰচাৰ ভাষণত এনেদৰে কয় ।