ইণ্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট:অন্ত পৰা নাইপেলেষ্টাইন-ইজৰাইলৰ সংঘাত ৷পেলেষ্টাইনী শৰণাৰ্থী শিবিৰত বছৰ বছৰ ধৰি ইজৰাইলে সামৰিক অভিযান চলোৱাৰ পিছত পেলেষ্টাইনীসকলে নিজৰ ক্ৰোধ নিজৰ নিৰাপত্তা বাহিনীৰ ওপৰত দেখুৱায় । 3 জুলাইৰ বিধ্বংসী অভিযান আৰু ইজৰাইলৰ সৈতে দীৰ্ঘদিনীয়া, নিৰাপত্তা মিত্ৰতাৰ পৰা পেলেষ্টাইন কৰ্তৃপক্ষই তেওঁলোকক ৰক্ষা কৰিব নোৱাৰাৰ বিৰুদ্ধে ক্ষোভৰ ঢৌৱে তেওঁলোকে পেলেষ্টাইনৰ নিৰাপত্তা ভৱনসমূহত বন্দুকৰ গুলী, অগ্নি বোমা আৰু পাইপ বোমা নিক্ষেপ কৰে । জেনিনৰ আৰক্ষী মুৰব্বী ব্ৰি. জেনেৰেল আজ্জাম জেবাৰাই এক অনুষ্ঠানত এইদৰে কয় ।
‘‘এইটো এটা সতৰ্কবাণী আছিল ।’’ তেওঁ লগতে কয়, "ইজৰাইলৰ বাবে হামাছ এক ডাঙৰ ভাবুকি আৰু ফাটাহৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী দুয়োটা । জুলাইৰ অশান্তিয়ে পেলেষ্টাইনীসকলৰ অৰ্ধ-স্বায়ত্ত শাসিত চৰকাৰৰ প্ৰতি পুঞ্জীভূত হৈ থকা ক্ষোভ উদঙাই দিলে আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা নিৰাপত্তা বাহিনীৰ হিচাপ ল’বলৈ বাধ্য কৰালে ৷ যিয়ে নিজৰ নীলা ছদ্মবেশৰ ইউনিফৰ্ম পিন্ধি পেলেষ্টাইনী সমাজত ছিন্নভিন্ন উত্তেজনাক মূৰ্ত কৰি তুলিবলৈ আহিছে ।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াহু উগ্ৰ সোঁপন্থী চৰকাৰৰ অধীনত ইহুদী বসতিপ্ৰধান লোকৰ আমূল আক্ৰমণ আৰু ইজৰাইলৰ সামৰিক অভিযান বৃদ্ধি পোৱাৰ লগে লগে জেনিনৰ আইন প্ৰয়োগকাৰী ব্যৱস্থাটো পতনৰ দিশে আগবাঢ়িছে ৷ “যদি আমি ভাবো যে আমি এতিয়া নিয়ন্ত্ৰণ স্থাপন কৰিছো, তেন্তে আমি নহয় নিজকে বোকা পানী খুৱাই লৈছো ৷" জেনিনৰ ঘৰুৱা চোৰাংচোৱা সংস্থা প্ৰিভেণ্টিভ ছিকিউৰিটিৰ উপ-মূৰব্বী ইব্ৰাহিম আবাহৰেই এইদৰে কয় ।