অসম

assam

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:17 PM IST

ETV Bharat / international

Israel open to little pauses in Gaza : যুদ্ধবিৰতি নহ'লেও ইজৰাইলে সামান্য সকাহ দিব গাজাবাসীক

যুদ্ধবিৰতিৰ বাবে ইজৰাইলৰ ওপৰত নিৰন্তৰ হেঁচা অব্যাহত আছে । কিন্তু যুদ্ধবিৰতি ঘোষণা নকৰাৰ স্থিতিত অটল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু । অৱশ্যে যুদ্ধৰ ক্ষেত্ৰত সামান্য শিথিল কৰাৰ ইংগিত দিছে নেতাগৰাকীয়ে ।

Israel open to little pauses in Gaza
যুদ্ধবিৰতি নহ'লেও ইজৰাইলৰে সামান্য সকাহ দিব গাজাবাসীক

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণ অব্যাহত আছে । যুদ্ধবিৰতিৰ বাবে বিগত প্ৰায় এসপ্তাহ ধৰি আমেৰিকাৰ পৰা হেঁচা দি থকা হৈছে । ইয়াৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । প্ৰধানমন্ত্ৰীগৰাকীৰ মতে যুদ্ধবিৰতি ঘোষণা কৰা নহয় কিন্তু মানৱীয় দৃষ্টিভংগীৰে হামাছৰ বিৰুদ্ধে আক্ৰমণ কিছু শিথিল কৰিব পাৰে ইজৰাইলে ।

ইজৰাইলৰ পদক্ষেপৰ পাছতে বিশ্বৰ বিভিন্ন দেশৰ লগতে তেওঁ নিজৰ একাংশ সমৰ্থকো অসন্তুষ্ট হোৱা দেখা গৈছে । যাৰ বাবে এই মতভেদ কিছু আঁতৰাবলৈ তেওঁ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । জানিব পৰা মতে ৰাষ্ট্ৰপতি জ' বিডেনে যুদ্ধৰ প্ৰায় এমাহৰ পাছত প্ৰধানমন্ত্ৰীক নেতান্যাহুৱে পোনপটীয়াকৈ যুদ্ধবিৰতিৰ আবেদন জনাইছে আৰু ক্ৰমবৰ্ধমান সংঘৰ্ষত সাধাৰণ নাগৰিকক সীমিত সকাহ প্ৰদানৰো আহ্বান জনাইছিল ।

হামাছ কৰ্তৃপক্ষৰ মতে গাজাত মৃত্যুৰ সংখ্যা ১০,০০০ হৈছে । এনে পৰিস্থিতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যক্তিগতভাৱে বাৰ্তালাপ কৰিছে । ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কাৰ্বিয়ে নেতান্যাহুৰ সৈতে বিডেনৰ বাৰ্তালাপৰ কথা বৰ্ণনা কৰি কয় যে আমেৰিকাই মানৱীয় দৃষ্টিভংগীৰে যুদ্ধবিৰতিৰ বাবে আহ্বান জনাই থাকিব ।

ইফালে এই বাৰ্তালাপৰ পাছতে নেতান্যাহুৱে সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত যুদ্ধবিৰতিৰ কথা অস্বীকাৰ কৰে । কিন্তু সামান্য বিৰতিৰ কথা উল্লেখ কৰে । আমেৰিকাৰ অনুৰোধৰ বাবে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে নে আন কাৰণত সেয়া তেওঁ স্পষ্ট হোৱা নাই । পুনৰ এবাৰ তেওঁ সকীয়াই দিয়ে যে ইজৰাইলৰ বন্দীসকলক মুকলি নকৰালৈকে গাজাত কোনো যুদ্ধবিৰতি নহয় । বিডেনৰ মানৱীয় বিৰতিৰ আহ্বান সন্দৰ্ভত তেওঁ কয় যে কৌশলগত সামান্য বিৰতি হ'লেও সেয়া এক ঘণ্টা নে তাতকৈ বেছি হ'ব সেইটো কোৱা কঠিন । ইজৰাইলে সাহায্য সামগ্ৰী, মানৱীয় সাহায্য বা বন্দীসকলক এৰি দিয়াৰ পৰিস্থিতিবোৰ নিৰীক্ষণ কৰিব ।

ইজৰাইল-হামাছৰ যুদ্ধবিৰতিৰ ক্ষেত্ৰত আমেৰিকাৰ পদক্ষেপৰ অংশ হিচাপে বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ইতিমধ্যে ইজৰাইলৰ পৰা জৰ্ডানলৈ অধিকৃত পশ্চিম তীৰ, চাইপ্ৰাছ, ইৰাক আৰু তুৰ্কীলৈ ভ্ৰমণ কৰিছে । মানৱীয় সাহায্যৰ পদক্ষেপৰ ক্ষেত্ৰত বিডেন প্ৰশাসনৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক :Israel Hamas War : ইজৰাইল-হামাছ যুদ্ধ সম্পৰ্কীয় প্ৰস্তাৱ গ্ৰহণত ব্যৰ্থ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ

ABOUT THE AUTHOR

...view details