ইণ্টাৰনেশ্যনেল ডেস্ক, 8 অক্টোবৰ:আফগানিস্তানত মৃতকৰ সংখ্যাই স্পৰ্শ কৰিলে 2000 ৷সংকট জৰ্জৰিতআফগানিস্তান এইবাৰ প্ৰকৃতিৰ ৰোষত ৷দেশখনৰ দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা মতে, শনিবাৰে পশ্চিম আফগানিস্তানত 6.3 প্ৰাৱল্যৰ শক্তিশালী ভূমিকম্পৰ ফলত কেইবা শতাধিক লোকৰ মৃত্যু হয় । ৰাষ্ট্ৰসংঘই প্ৰাথমিক তথ্যত 320 জন মৃত্যু হোৱাৰ কথা ব্যক্ত কৰে যদিও এই সংখ্যা বৃদ্ধিৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৷
ভূমিকম্পৰ ফলত 465 টা ঘৰ ধ্বংস হোৱাৰ খবৰ পোৱা গৈছে আৰু 135 টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । দুৰ্যোগ প্ৰশমন বিভাগৰ মুখপাত্ৰ মহম্মদ আব্দুল্লা জানে কয় যে হেৰাট প্ৰদেশৰ জেণ্ডা জান জিলাৰ চাৰিখন গাঁৱত এই ভূমিকম্প অনুভূত হৈছে । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু হেৰাট চহৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ (25 মাইল) উত্তৰ-পশ্চিমে । 6.3, 5.9 আৰু 5.5 প্ৰাৱল্যৰ লগতে কেইবাটাও কম প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।
হেৰাট চহৰৰ বাসিন্দা আব্দুল ছাকোৰ ছামাদীয়ে কয়," দুপৰীয়া সময়ত কমেও পাঁচটাকৈ প্ৰচণ্ড ভূমিকম্পই মহানগৰীখনত অনুভূত হয় । সকলো মানুহ ঘৰৰ বাহিৰত আছে বুলিও ছামাদীয়ে কয় । অধিক ভূমিকম্প অহাৰ আশংকা কৰা হৈছে । মই আৰু মোৰ পৰিয়াল আমাৰ ঘৰৰ ভিতৰত আছিলো, ভূমিকম্পটো অনুভৱ কৰিলোঁ । ঘৰৰ ভিতৰলৈ যাবলৈ ভয় কৰি পৰিয়ালটোৱে চিঞৰি বাহিৰলৈ দৌৰ দিলে । "
আফগানিস্তানৰ বিশ্ব স্বাস্থ্য সংস্থাই X যোগে কয়, হতাহতক চিকিৎসালয়লৈ নিয়াৰ বাবে জেণ্ডা জানলৈ 12 খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে । ভূমিকম্পৰ ফলত হোৱা মৃত্যু আৰু ক্ষয়ক্ষতিৰ খবৰ অব্যাহত থকাৰ সময়তে, দলসমূহে আহতসকলৰ চিকিৎসা আৰু অতিৰিক্ত প্ৰয়োজনীয়তাৰ মূল্যায়নত সহায় কৰি চিকিৎসালয়ত আছে ৷ আক্ৰান্তসকলৰ অধিকাংশই মহিলা আৰু শিশু ।