ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ মাৰ্চ:বিগত প্ৰায় ৫৪৪ দিন ধৰি ছাত্ৰীসকলৰ বাবে বন্ধ হৈ আছে আফগানিস্তানৰ মাধ্যমিক বিদ্যালয়সমূহ । যাৰ বাবে তালিবানক সেই বিদ্যালয়সমূহ খুলিবলৈ আহ্বান জনাইছে একাংশ অভিভাৱক আৰু শিক্ষাৰ্থীয়ে (Parents urges Taliban to reopen school)। শনিবাৰে, অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে উদ্বেগ প্ৰকাশ কৰি কৰ্তৃপক্ষক তেওঁলোকৰ সন্তানবোৰক (কন্যা) বিদ্যালয়লৈ উভতি যাবলৈ অনুমতি দিবলৈ আহ্বান জনাইছে ।
অভিভাৱকসকলে কৈছে যে, বিদ্যালয়সমূহ বন্ধ হোৱাৰ ফলত তেওঁলোকৰ সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে । কিয়নো তেওঁলোকৰ কিছুমান মানসিক ৰোগত আক্ৰান্ত হৈছে । অভিভাৱকসকলে ২১ মাৰ্চত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ সময়ত ষষ্ঠ শ্ৰেণীৰ ওপৰৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ বাবে আহ্বান জনাইছে । তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পাছৰে পৰা ষষ্ঠ শ্ৰেণীৰ ওপৰৰ স্কুলীয়া শিক্ষা বন্ধ কৰা হৈছিল । যোৱা বছৰৰ ডিচেম্বৰৰ শেষৰ ফালে ছোৱালী বা মহিলাসকলক বিশ্ববিদ্যালয়লৈ যোৱা আৰু বেচৰকাৰী সংগঠনৰ সৈতে কাম কৰাটো বাধা আৰোপ কৰিছিল (Taliban bans girl students from going to school)।
যদিও অন্তৱৰ্তীকালীন প্ৰশাসনে দাবী কৰিছে যে, ছোৱালীৰ শিক্ষাৰ ওপৰত নিষেধাজ্ঞা অস্থায়ী আছিল আৰু পৰিৱেশ উন্নত হোৱাৰ পাচত তেওঁলোকে পুনৰ অনুমতি দিব । কিন্তু ডেৰ বছৰতকৈও অধিক সময় পাৰ হৈ গৈছে বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰীসকলৰ বাবে পৰিৱেশ এতিয়াও উন্নত হোৱা নাই (Taliban restrictions on Woman)।
যোৱা বছৰ ১৮ ছেপ্টেম্বৰত আফগানিস্তানৰ উচ্চ বিদ্যালয়সমূহ ল'ৰাবোৰৰ বাবে খুলি দিয়া হৈছিল আনহাতে ছোৱালীবোৰক তালিবানে ঘৰতে থাকিবলৈ নিৰ্দেশ দিছিল । তালিবানে মহিলাসকলৰ মত প্ৰকাশৰ স্বাধীনতা, সংগঠন, সমাবেশ আৰু আন্দোলনৰ অধিকাৰৰ ওপৰত কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰিছে (Afghanistan woman deprived of right to education)।