ইণ্টাৰনেশ্যনেল ডেস্ক,২০ জুন :আটলাণ্টিক মহাসাগৰত সন্ধানহীন এখন চাবমাৰ্চিবল জাহাজ । ৫ গৰাকী লোক আছিল অত্যাধুনিক চাবমাৰ্চিবল জাহাজখনৰ ভিতৰত । শতিকাৰো অধিক পূৰ্বে ডুব যোৱা টাইটানিকৰ ধ্বংসাৱশেষৰ অনুসন্ধান কৰিবলৈ গৈছিল লোকসকল । দেওবাৰৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰে চাবমাৰ্চিবল জাহাজখন । সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত আছে । কিন্তু মহাসাগৰৰ অতি গভীৰতাত জাহাজখন সন্ধানহীন হৈছে যাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ।
নোভা স্কটিয়াৰ হেলিফেক্সত থকা কানাডাৰ যুটীয়া উদ্ধাৰ সমন্বয় কেন্দ্ৰৰ তথ্য অনুসৰি জাহাজখন দেওবাৰে নিশা নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা প্ৰায় ৪৩৫ মাইল (৭০০ কিলোমিটাৰ) দক্ষিণে থকাৰ খবৰ পোৱা গৈছিল । বিভাগীয় কৰ্তৃপক্ষৰ মতে কানাডিয়ান কোষ্ট গাৰ্ডৰ এখন জাহাজ আৰু সামৰিক বিমানে অনুসন্ধানৰ প্ৰচেষ্টাত সহায় কৰিছে । বষ্টনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ নেতৃত্ব চলি আছে উদ্ধাৰ অভিযান । কিন্তু এতিয়ালৈ চাবমাৰ্চিবল জাহাজখন কোনো সম্ভেদ নোপোৱাত সকলো চিন্তিত হৈ পৰিছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ এগৰাকী বিষয়াৰ মতে অঞ্চলটো দূৰৱৰ্তী হোৱাৰ বাবে অনুসন্ধানত যথেষ্ট প্ৰত্যাহ্বান আহিছে । অৱশ্যে চাবমাৰ্চিবল জাহাজখনৰ সম্ভেদ উলিওৱাৰ লগতে তাত তথা লোকসকলক উদ্ধাৰৰ বাবে যিমান সম্ভৱ প্ৰচেষ্টা অব্যাহত ৰাখিছে । উপকূলৰক্ষী বাহিনীৰ মতে দেওবাৰে পুৱা জাহাজখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু ৪৫ মিনিটৰ পাচৰে পৰা সংযোগ বিচ্ছিন্ন হৈ পৰিছিল । চাবমাৰ্চিবল জাহাজখন অ'চিয়েনগেট অভিযানে পৰিচালনা কৰিছিল ।