নিউজ ডেস্ক, 17 ডিচেম্বৰ :সমগ্ৰ বিশ্বতে দিনক দিনে বৃদ্ধি পাইছে প্ৰব্ৰজনকাৰীৰ সমস্যা ৷ শেহতীয়াকৈ আফ্ৰিকাৰ দেশসমূহৰ পৰা ইউৰোপৰ দেশ সমূহলৈ প্ৰব্ৰজনকৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ শনিবাৰে ভূমধ্যসাগৰ হৈ ইউৰোপত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰব্ৰজনকাৰী ভৰ্তি এখন জাহাজ লিবিয়াৰ উপকূলত ডুব যায় ৷ ফলত 60 জনতকৈও অধিক প্ৰব্ৰজনকাৰী ডুব যোৱাৰ বুলি ধাৰণা কৰা হৈছে ৷ আনহাতে 25 জন লোকক উদ্ধাৰ কৰি লিবিয়ান ডিটেনচন চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্যে যে, আফ্ৰিকাৰ জুৱাৰা নামৰ এখন চহৰৰপৰা 86 জন প্ৰব্ৰজনকাৰী লৈ ভূমধ্যসাগৰে ইউৰোপত প্ৰৱেশৰ চেষ্টা কৰিছিল জাহাজখনে ৷ তেনে সময়তে লিবিয়াৰ উপকূলত সাগৰৰ প্ৰচণ্ড ঢৌৰ বাবে ডুব যায় উক্ত জাহাজখন ৷
আনহাতে, ভূমধ্যসাগৰ পাৰ হৈ ইউৰোপত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰব্ৰজনকাৰীসকলৰ বাবে লিবিয়া হৈছে মুখ্য প্ৰৱেশ দ্বাৰ । আই অ’ এমে কয় যে, এই বছৰ ভিতৰত 2,200 ৰো অধিক লোক লিবিয়াৰ উপকূলত ডুব গৈছে ৷ যাৰ ফলত ই বিশ্বৰ আটাইতকৈ বিপদজনক প্ৰব্ৰজনকাৰী পথবোৰৰ ভিতৰত অন্যতম হৈ পৰিছে ।