ইন্টাৰনেশ্যনেল ডেস্ক, ১৯ আগষ্ট :শুকুৰবাৰে ব্ৰিটেইনৰ আদালতে সাতটা কেঁচুৱা হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰিছে এগৰাকী নাৰ্ছক ৷ এই ঘটনাকলৈ উদ্বেগ প্ৰকাশ কৰিছে ব্ৰিটেইনত জন্মগ্ৰহণ কৰা উত্তৰ ইংলেণ্ডৰ এখন চিকিৎসালয়ৰ ভাৰতীয় মূলৰ পৰামৰ্শদাতা শিশু চিকিৎসকে ৷ শিশু চিকিৎসক ডাঃ ৰবি জয়ৰামে লুচিক দোষী সাব্যস্ত কৰাতো আইনক সহায় কৰিছিল ৷
জানিব পৰা মতে, নাৰ্ছগৰাকীয়ে ইতিমধ্যে সাতটা নৱজাতকক হত্যা কৰি আন ছটা কেঁচুৱাক হত্যা কৰাৰ চেষ্টা কৰি আছিল ৷ অভিযুক্ত নাৰ্ছগৰাকীৰ নাম লুচি লেটবি ৷ চেষ্টাৰৰ কাউণ্টেছ অৱ চেষ্টাৰ হাস্পতালৰ চিকিৎসক (Countess of Chester Hospital in Chester) ডাঃ ৰবি জয়ৰামে কয় যে যদিহে পূৰ্বেই তেওঁৰ প্ৰাক্তন নাৰ্ছ সহকৰ্মী লুচি লেটবিৰ বিষয়ে জ্ঞাত হ’লহেতেন, তেন্তে সেই মৃত কেঁচুৱাকেইটাৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন ।
২২ দিনৰ আলোচনাৰ অন্তত মানচেষ্টাৰ ক্রাউন ক’ৰ্টৰ (Manchester Crown Court) অধিবক্তাসকলে ২০১৫ চনৰ জুন মাহৰ পৰা ২০১৬ চনৰ জুন মাহৰ ভিতৰত উত্তৰ-পশ্চিম ইংলেণ্ডৰ কাউণ্টেছ অৱ চেষ্টাৰ হাস্পতালত নৱজাতক হত্যা কৰাৰ অভিযোগত ৩৩ বছৰীয়া লেটবিক দোষী সাব্যস্ত কৰিছে ৷ সোমবাৰে একেখন আদালততে শাস্তি প্ৰদান কৰিব তেওঁক ।
অৱশ্যে দুটা নৱজাতকক হত্যাৰ চেষ্টা কৰাৰ অভিযোগৰ পৰা মুক্ত হৈছে লুচি লেটবি ৷ চলিত মাহৰ আৰম্ভণিতে আদালতত কিছুমান ৰায়দান কৰা হৈছিল যদিও বিচাৰ-বিবেচনা সম্পূৰ্ণ নোহোৱালৈকে এই ৰায়দানৰ খবৰ দিয়াত নিষেধাজ্ঞা আৰোপ কৰিছিল ন্যায়াধীশে ।