অসম

assam

ETV Bharat / international

Myanmar journalist 20 year Imprison : ঘূৰ্ণীবতাহৰ বাতৰি পৰিবেশন কৰা ম্যানমাৰৰ সাংবাদিকক ২০ বছৰৰ কাৰাদণ্ড - Aung San Suu Kyi

স্বতন্ত্ৰ অনলাইন সংবাদ সেৱা ম্যানমাৰ নাওৰ ফটো সাংবাদিক চাই জাও থাইকেক ম্যানমাৰৰ এখন আদালতে ২০ বছৰৰ কাৰাদণ্ড বিহিছে । মে' মাহৰ এক মাৰাত্মক ঘূৰ্ণীবতাহৰ পিছৰ বাতৰি ক'ভাৰেজৰ বাবে ২০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । বুধবাৰে সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰিছে । ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক বাহিনীয়ে আং ছান ছু কীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ পিছত আটক কৰা যিকোনো সাংবাদিকক প্ৰদান কৰা এই শাস্তি হৈছে আটাইতকৈ গুৰুতৰ ।

Myanmar journalist 20 year Imprison
Myanmar journalist 20 year Imprison

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 1:02 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ৭ ছেপ্টেম্বৰ :ম্যানমাৰৰ এখন আদালতে এটা অনলাইন বাতৰি প্ৰতিষ্ঠানৰ এজন ফটো সাংবাদিকক ২০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে । মে'ৰ এক মাৰাত্মক ঘূৰ্ণীবতাহৰ পৰৱৰ্তী সময়ৰ ক'ভাৰেজৰ বাবে তেওঁক সশ্ৰম কাৰাবাসৰ ৰায় দিছে । সংবাদ মাধ্যমৰ সূত্ৰত বুধবাৰে এই কথা প্ৰকাশ ।

স্বতন্ত্ৰ অনলাইন সংবাদ সেৱা ম্যানমাৰ নাওৰ ফটোগ্ৰাফাৰ চাই জাও থাইকেক দিয়া এই শাস্তি ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক বাহিনীয়ে আং ছান ছু কীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ পিছত আটক কৰা যিকোনো সাংবাদিকক প্ৰদান কৰা আটাইতকৈ কঠোৰ শাস্তি হিচাপে বিবেচিত হৈছে ।

উল্লেখ্য যে প্ৰেছ ফ্ৰীডম গ্ৰুপ Reporters Without Borders-এ এপ্ৰিলত কৈছিল যে ম্যানমাৰ হৈছে চীনৰ পিছতেই বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সাংবাদিকক কাৰাদণ্ড প্ৰদান কৰা দেশ । দেশখন গ্ৰুপটোৰ ২০২৩ চনৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ একেবাৰে তলৰ ফালে আছে । ১৮০ খন দেশৰ ভিতৰত ম্যানমাৰৰ ৰেংক হৈছে ১৭৬ ।

অনলাইনভাৱে কাম কৰা ম্যানমাৰ নাও-এ জনাইছে যে পশ্চিমৰ ৰাখাইন ৰাজ্যত আটক হোৱাৰ পিছত আদালতৰ প্ৰথম শুনানিৰ সময়তে এক সামৰিক ন্যায়াধীকৰণে ৪০ বছৰীয়া চাই জাও থাইকেক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে ।

এই বিচাৰ প্ৰক্ৰিয়া ম্যানমাৰৰ আটাইতকৈ ডাঙৰ চহৰ য়াংগনৰ ইনছেইন কাৰাগাৰৰ ভিতৰত চলে । উল্লেখ্য যে ফটোগ্ৰাফাৰজনক গ্ৰেপ্তাৰ কৰাৰ পিছত উক্ত কাৰাগাৰতে বন্দী কৰি ৰখা হৈছিল । সংবাদ সংস্থাটোৱে লগতে কৈছে যে চাই জাও থাইকেক পৰিয়ালৰ কোনো লোকৰ সৈতে সাক্ষাতৰ অনুমতি দিয়া হোৱা নাছিল আৰু আইনগতভাৱেও কোনো প্ৰতিনিধি ল'বলৈ দিয়া নাছিল ।

"তেওঁৰ শাস্তিয়ে এই কথাৰো ইংগিত দিয়ে যে সামৰিক জুণ্টা শাসনৰ অধীনত সংবাদ মাধ্যমৰ স্বাধীনতাক সম্পূৰ্ণৰূপে মষিমূৰ কৰা হৈছে আৰু ম্যানমাৰত স্বতন্ত্ৰ সাংবাদিকসকলে তেওঁলোকৰ পেছাদাৰী কামৰ মূল্য ভৰিবলগা হৈছে ।" বাতৰি ছাইটটোৱে ম্যানমাৰ নাওৰ এডিটৰ-ইন-চীফ শ্বে উইনৰ উদ্ধৃতি দি কয় ।

আনহাতে, বাতৰি প্ৰতিষ্ঠানটোৱে কৈছে যে চাই জাও থাইকেক ২৩ মে'ত ৰাখাইনৰ ৰাজধানী চিটৱেত গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁ বিগত প্ৰায় এটা দশকত দেশৰ আটাইতকৈ ধ্বংসাত্মক ধুমুহা মোচা ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষতিৰ তথ্য উদ্ঘাটন কৰিছিল । তেওঁ গ্ৰেপ্তাৰ হোৱাৰ মাত্ৰ এসপ্তাহৰ পূৰ্বে মোচাৰ বাবে চিটৱেৰ ওচৰত ভূমিস্খলনৰ সৃষ্টি হৈছিল আৰু ব্যাপক বান আৰু বিদ্যুতৰ সমস্যাৰ সৃষ্টি কৰিছিল ।

এই ধুমুহাৰ ফলত ৰাখাইন ৰাজ্যত কমেও ১৪৮ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰে ভিতৰত বহুতো নিৰ্যাতিত মুছলমান ৰহিংগীয়া সংখ্যালঘু লোক আছিল আৰু তেওঁলোকক আভ্যন্তৰীণ স্থানান্তৰ শিবিৰত বাস কৰিছিল । আনহাতে, ১,৮৬,০০০ তকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছিল ।

বাতৰি প্ৰতিষ্ঠানটোৱে লগতে কৈছে যে তেওঁক প্ৰথমতে কেইবাটাও অভিযোগত অভিযুক্ত কৰা হৈছিল । ইয়াৰ ভিতৰত আছে দেশদ্ৰোহিতা বা ৰাজদ্ৰোহ । আন অভিযোগবোৰৰ ভিতৰত আছিল ভয় সৃষ্টি কৰা, মিছা বাতৰি প্ৰচাৰ কৰা আৰু চৰকাৰী কৰ্মচাৰী বা সামৰিক বাহিনীৰ বিৰুদ্ধে আন্দোলন কৰাৰ বাবে উচটনি দিয়া ।

তেওঁৰ বিৰুদ্ধে অনলাইন মানহানিৰ অভিযোগো আৰোপ কৰা হৈছিল, যাৰ বাবে তিনি বছৰৰ কাৰাদণ্ড বিহা হ'ব পাৰে । ইয়াৰ উপৰি ৰাজহুৱা আতংক সৃষ্টি কৰাৰ উদ্দেশ্যৰে দুৰ্যোগৰ বিষয়ে মিছা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল । ইয়াৰ বাবে এবছৰলৈকে কাৰাবাসত ৰখাৰ সম্ভাৱনা আছে ।

ইফালে ম্যানমাৰ নাওৱে কৈছে যে বুধবাৰৰ দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত কোনটো অভিযোগক প্ৰাধান্য দিয়া হৈছে সেয়া তেওঁলোকে নাজানে ।

লগতে পঢ়ক :US President India visit: ভাৰত ভ্ৰমণৰ বাবে সাজু ৰাষ্ট্ৰপতি জ' বাইডেন

ABOUT THE AUTHOR

...view details