অসম

assam

ETV Bharat / international

Synagogue president stabbed to death : ছুৰীকাঘাতত নিহত ইহুদীসকলৰ উপাসনাস্থলী চিনাগগৰ সভাপতি - Synagogue president dead

২০২২ চনৰ পৰা আইজাক এগ্ৰি ডাউনটাউন চিনাগগৰ নেতৃত্ব দি অহা সামান্থা ৱ'লক হত্যা । ঘৰৰ বাহিৰতে উদ্ধাৰ মৃতদেহ । ছুৰীৰে আক্ৰমণ কৰাৰ সন্দেহ আৰক্ষীৰ ।

Synagogue president stabbed to death
ছুৰীকাঘাতত নিহত ইহুদীসকলৰ উপাশনাস্থলী চিনাগগৰ সভাপতি

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 8:08 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ অক্টোবৰ :আমেৰিকাৰ প্ৰসিদ্ধ চহৰ ডেট্ৰয়েটৰ ইহুদীসকলৰ উপাসনাস্থলী চিনাগগৰ এগৰাকী সভাপতিক শনিবাৰে তেওঁৰ ঘৰৰ বাহিৰতে দুৰ্বৃত্তই ছুৰীৰে আক্ৰমণ কৰে । ফলত সভাপতিগৰাকীৰ মৃত্যু হয় । অৱশ্যে কোনে আৰু কিয় তেওঁক হত্যা কৰিলে জানিব পৰা হোৱা নাই । জৰুৰীকালীন চিকিৎসা কৰ্মীসকলে মৃত ঘোষণা কৰা মহিলাগৰাকীক সামান্থা ৱ'ল বুলি চিনাক্ত কৰা হৈছে ।

আৰক্ষীয়ে জনোৱা মতে ঘৰৰ বাহিৰতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হৈছিল সামান্থা ৱ'ল । জানিব পৰা মতে ৪০ বছৰীয়া ৱ'লে ২০২২ চনৰ পৰা আইজাক এগ্ৰি ডাউনটাউন চিনাগগৰ নেতৃত্ব দি আহিছিল আৰু ডেমক্ৰেটিক প্ৰতিনিধি এলিচা স্লটকিনৰ প্ৰাক্তন সহায়ক আৰু এটৰ্নি জেনেৰেল ডানা নেছেলৰ প্ৰচাৰ কৰ্মী আছিল ।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰক্ষীয়ে কোনো সম্ভাৱ্য উদ্দেশ্য জানিব পৰা নাই । যাৰ বাবে তেওঁলোকে অনুসন্ধান অব্যাহত ৰাখিছে । আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে পুৱা এটা ফোন পাইছিল য'ত এগৰাকী লোকে কৈছিল যে মহিলাগৰাকী মৃতপ্ৰায় অৱস্থাত পৰি আছে । লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল আৰু পুৱা প্ৰায় ৬:৩০ বজাত ৱ'লক উদ্ধাৰ কৰিছিল । এক বিবৃতিত গভৰ্ণৰ গ্ৰেচেন হুইটমাৰে ৱ'লৰ মৃত্যু হৃদয় বিদাৰক বুলি অভিহিত কৰিছে ।

গৱৰ্ণৰগৰাকীৰ মতে ৱ'ল অসাধাৰণ ব্যক্তিত্বৰ আছিল । সম্প্ৰদায়টোৰ স্বাৰ্থত মিচিগানক এক উন্নত স্থান হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল বুলি গৱৰ্ণৰগৰাকীয়ে উল্লেখ কৰে । ইফালে গৱৰ্ণৰে মিচিগান ৰাজ্যিক আৰক্ষীক তদন্তত ডেট্ৰয়েট আৰক্ষী বিভাগক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে ।

ইফালে আমেৰিকান ৰাজনীতিবিদ তথা মিচিগানৰ এটৰ্নি জেনেৰেল ডানা মিচেল নেচেলও এক্সৰ জৰিয়তে এই ঘটনাক তীব্ৰ গৰিহণা দিছে । নেচেলৰ মতে ৱ'ল অতি দয়ালু আছিল । নিজৰ সম্প্ৰদায়, ৰাজ্য আৰু দেশৰ প্ৰতি থকা আন্তৰিক প্ৰেমৰ বাবে তেওঁ পৰিচিত আছিল । আনহাতে সকলোৰে মনত স্থান ল'বলৈও তেওঁ সক্ষম হৈছিল । আমেৰিকাৰ আন এগৰাকী ৰাজনীতিবিদ এলিচা স্লটকিনেও সামাজিক মাধ্যমত ৱ'ল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । লক্ষণীয়ভাৱে চিনাগগৰ সভাপতিগৰাকীৰ মৃত্যুত গোটেই চহৰখনতে শোকৰ ছাঁ পৰা দেখা গৈছে ।

লগতে পঢ়ক :Former PM Nawaz Sharif return to Pakistan: ইছলামাবাদত পদাৰ্পণ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ

ABOUT THE AUTHOR

...view details