অসম

assam

Space Junk : পশ্চিম অষ্ট্ৰেলিয়াৰ তীৰত ভাৰতীয় মহাকাশযানৰ আৱৰ্জনা !

By

Published : Jul 19, 2023, 10:40 AM IST

পশ্চিম অষ্ট্ৰেলিয়া আৰক্ষীয়ে সোমবাৰে এক বিবৃতিত কয় যে চৰকাৰী ৰাসায়নিক বিশ্লেষণে বস্তুটো সুৰক্ষিত বুলি নিৰ্ধাৰণ কৰিছে আৰু মানৱ জাতিৰ বাবে বৰ্তমান কোনো বিপদাশংকা নাই ।

Space Junk
Space Junk

ইণ্টাৰনেচনেল ডেস্ক, ১৯ জুলাই : অষ্ট্ৰেলিয়াৰ সমুদ্ৰ তীৰত উদ্ধাৰ হোৱা এক বিশেষ আকৃতিৰ বস্তুৱে ৰহস্যৰ সৃষ্টি কৰে । এখন সৰু গাড়ীৰ আকাৰৰ এই বস্তুটো সমুদ্ৰৰ তীৰত উদ্ধাৰ হয় । পিছত কৰ্তৃপক্ষই এই অস্বাভাৱিক বস্তুটো সন্দৰ্ভত তথ্য লাভ কৰে । ইয়াৰ পিছত মঙলবাৰে চলোৱা অনুসন্ধানত অষ্ট্ৰেলিয়াৰ দূৰৱৰ্তী সমুদ্ৰ তীৰত পানীয়ে ধুই যোৱা এখন সৰু গাড়ীৰ আকাৰৰ এটা চুঙাকৃতিৰ বস্তুটো বিদেশী ৰকেটৰ মহাকাশৰ আৱৰ্জনা বুলি সন্দেহ কৰিছে । উল্লেখ্য, দেওবাৰে অষ্ট্ৰেলিয়াৰ পাৰ্থ চহৰৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ উত্তৰে গ্ৰীণ হেডত আৱিষ্কাৰ হৈছিল এই আচৰিত বস্তুটো । পিছত আৰক্ষীয়ে এই আশ্চৰ্যকৰ বস্তুটো থকা অঞ্চলটো ঘেৰাও কৰি ইয়াৰ অনুসন্ধান আৰম্ভ কৰিছিল ।

অষ্ট্ৰেলিয়ান মহাকাশ সংস্থাই জনোৱা মতে, তেওঁলোকে বস্তুটো চিনাক্ত কৰিবলৈ আন মহাকাশ সংস্থাৰ সৈতে যোগাযোগ কৰি আছে । এই বস্তুটো আংশিকভাৱে কোনো বোৱা সামগ্ৰীৰে নিৰ্মিত যেন লাগিছে । সংস্থাটোৱে টুইট কৰি কয়, "বস্তুটো বিদেশী মহাকাশ উৎক্ষেপণ বাহনৰ হ'ব পাৰে আৰু আমি বিশ্বজুৰি থকা মহাকাশ গৱেষণা সংস্থাবোৰৰ সৈতে যোগাযোগ কৰি আছোঁ । আশাকৰোঁ তেওঁলোকে অধিক তথ্য প্ৰদান কৰিবলৈ সক্ষম হ'ব পাৰে ।"

আনহাতে, ইউৰোপীয় মহাকাশ সংস্থাৰ অভিযন্তা এণ্ড্ৰিয়া বইডে কয় যে তেওঁৰ সহকৰ্মীসকলৰ বিশ্বাস যে ভাৰত মহাসাগৰৰ পৰা বৈ অহা বস্তুটো এটা উপগ্ৰহ উৎক্ষেপণ কৰাৰ সময়ত ভাৰতীয় ৰকেটৰ পৰা পৰিছিল । তেওঁ অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্প'ৰেচনক কয়, "আকৃতি আৰু আকাৰৰ ওপৰত ভিত্তি কৰি আমি নিশ্চিত যে এইটো হৈছে ভাৰতীয় ৰকেটৰ এটা ওপৰৰ পৰ্যায়ৰ ইঞ্জিন যাক বিভিন্ন অভিযানৰ বাবে বহুবাৰ ব্যৱহাৰ কৰা হয় ।"

যিয়ে এই বস্তুটো মহাকাশলৈ উৎক্ষেপণ কৰিছিল, তেৱেঁই ইয়াৰ নিষ্কাশনৰ বাবে দায়বদ্ধ হ'ব । "বাহিৰৰ মহাকাশ পৰিক্ৰমাৰ বাবে ৰাষ্ট্ৰসংঘৰ এটা কাৰ্যালয় আছে আৰু তেওঁলোকৰ এক চুক্তি আছে য'ত সকলোৱে স্বাক্ষৰ কৰি কৈছে যে যিয়ে মহাকাশলৈ কিবা উৎক্ষেপণ কৰে তেওঁ শেষলৈকে ইয়াৰ বাবে দায়বদ্ধ ।" বইডে কয় । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক মঙলবাৰে এই সন্দৰ্ভত মন্তব্য কৰিবলৈ অনুৰোধ কৰা হয় যদিও কোনো তাৎক্ষণিক সঁহাৰি দিয়া নাই ।

ইফালে পশ্চিম অষ্ট্ৰেলিয়া আৰক্ষীয়ে সোমবাৰে এক বিবৃতিত কয় যে চৰকাৰী ৰাসায়নিক বিশ্লেষণে বস্তুটো সুৰক্ষিত বুলি নিৰ্ধাৰণ কৰিছে আৰু মানৱ জাতিৰ বাবে বৰ্তমান ইয়াৰ পৰা কোনো বিপদাশংকা নাই । কৰ্তৃপক্ষই পূৰ্বতে ডিভাইচটোক বিপজ্জনক বুলি গণ্য কৰিছিল আৰু ৰাইজক তাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল । আৰক্ষীয়ে কয় যে ইয়াৰ উৎপত্তিৰ আনুষ্ঠানিক চিনাক্তকৰণৰ পিছত ডিভাইচটো আঁতৰ কৰা হ'ব ।

লগতে পঢ়ক :Chandrayaan 3 Mission update : মহাকাশত কি পৰ্যায়ত আছে চন্দ্ৰযান-৩ ?

TAGGED:

Space Junk

ABOUT THE AUTHOR

...view details