অসম

assam

ETV Bharat / international

Suicide attack in Pakistan: সামৰিক কনভয়ত আক্ৰমণ; 9 পাকিস্তানী জোৱান নিহত; 5 জন আহত - পাকিস্তানী ইংৰাজী দৈনিক সংবাদ পত্ৰ ডন

সামৰিক কনভয়ৰ ওপৰত পাকিস্তানত আত্মঘাতী আক্ৰমণ ৷ 9 জন পাকিস্তান জোৱান নিহত হোৱাৰ লগতে আন পাঁচজন আহত হোৱা বুলি সংবাদ পত্ৰ ডনত প্ৰকাশ ৷ দেশখনত সন্ত্ৰাস আৰু আত্মঘাতী আক্ৰমণ ভয়ংকৰ বৃদ্ধি হোৱা বুলি ৰিচাৰ্জত প্ৰকাশ ৷

Suicide attack in Pakistan
পাকিস্তানত সামৰিক কনভয়ত আক্ৰমণ

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 10:06 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 1 ছেপ্তেম্বৰ:পাকিস্তানৰসামৰিক কনভয়ত আক্ৰমণ ৷খাইবাৰ পখ্তুনখোৱাৰ বান্নু জিলাৰ জানি খেল জেনেৰেল এলেকাত সামৰিক কনভয়ৰ ওপৰত আত্মঘাতী আক্ৰমণত 9 জন পাকিস্তান জোৱান নিহত হোৱাৰ লগতে আন পাঁচজন আহত হোৱা বুলি সংবাদ পত্ৰ ডনে জানিবলৈ দিয়ে । আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ)ৰ এক বিবৃতি অনুসৰি, “মটৰ চাইকেল চলোৱা আত্মঘাতী বোমাৰু এজনে সামৰিক কনভয়ত নিজকে বিস্ফোৰণ ঘটালে”।

ফলত নাইব চুবেদাৰ চানোবৰ আলীকে ধৰি 9 জন সৈনিকৰ মৃত্যু হয়, আনহাতে 5 জন জোৱান আহত হয় ৷ পাকিস্তানী ইংৰাজী দৈনিক সংবাদ পত্ৰ ডনে প্ৰকাশ কৰে এইদৰে । ইফালে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলিও আন্তঃসেৱা জনসংযোগৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।

জনসংযোগৰ বিবৃতিটোত লগতে কোৱা হৈছে, ‘‘পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ প্ৰতি সন্ত্ৰাসবাদৰ ভাবুকি দূৰ কৰিবলৈ আমি বদ্ধপৰিকৰ আৰু আমাৰ সাহসী সৈনিকসকলৰ এনে ত্যাগে আমাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰে ।’’ এই আক্ৰমণক গৰিহণা দি প্ৰধানমন্ত্ৰী আনোৱাৰুল হক কাকাৰে জোৱানসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত কাকৰে এই সন্দৰ্ভত কয় যে, “কেপিৰ বান্নু ডিভিজনত 9 জন সাহসী সৈনিকৰ ওপৰত আক্ৰমণ চলোৱা সন্ত্ৰাসবাদীৰ কাপুৰুষালি কাৰ্য সঁচাকৈয়ে হৃদয় বিদাৰক ।" যোৱা নৱেম্বৰ মাহত চৰকাৰৰ সৈতে নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানৰ যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পাছৰে পৰা পাকিস্তানত বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পাইছে বুলি ডনে প্ৰকাশ কৰিছে ।

যোৱা সপ্তাহত সামৰিক বাহিনীৰ সংবাদ শাখাই প্ৰকাশ কৰা তথ্য অনুসৰি দক্ষিণ ৱাজিৰস্তান জিলাত 22 আগষ্টত বন্দুকৰ গুলীত 6 জন জোৱান নিহত হৈছিল । বেলুচিস্তানৰ ঝোব আৰু ছুই অঞ্চলত পৃথক পৃথক সামৰিক অভিযানৰ সময়ত পাকিস্তানী সেনাৰ 12 জন সৈন্য নিহত হয় । সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত এদিনতে মৃত্যু হোৱা লোকৰ সংখ্যা এয়াই আছিল সৰ্বাধিক । ইয়াৰ পূৰ্বে 2022 চনৰ ফেব্ৰুৱাৰী মাহত বেলুচিস্তানৰ কেচ অঞ্চলত "অগ্নিনিৰ্বাপক অভিযান"ত 10 জন সৈনিকৰ মৃত্যু হৈছিল ।

ডনে প্ৰকাশ কৰা অনুসৰি, জুলাই মাহত থিংক টেংক পাকিস্তান ইনষ্টিটিউট ফৰ কনফ্লিক্ট এণ্ড ছিকিউৰিটি ষ্টাডিজে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ প্ৰথমাৰ্ধত দেশখনত সন্ত্ৰাস আৰু আত্মঘাতী আক্ৰমণ ভয়ংকৰ বৃদ্ধি হোৱা দেখা গৈছে, যাৰ ফলত 389 জন ব্যক্তিৰ মৃত্যু ঘটিছে ।

লগতে পঢ়ক:Manipur violence: মণিপুৰত অব্যাহত সংঘাত; যোৱা তিনি দিনত 5 জন নিহত, আহত 20 জন

ABOUT THE AUTHOR

...view details