ইন্টাৰনেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ:ভাৰতৰ সমান্তৰালকৈ বিদেশতো উদযাপন হ’ব আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsava) ৷ এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত উদযাপন কৰা হ’ব আজাদী কা অমৃত মহোৎসৱ ৷ প্ৰায় ৭৫ টা ভাৰতীয়-আমেৰিকান সংগঠনে এই মহোৎসৱ উদযাপন কৰিব ৷
US আৰু ভাৰতৰ অনন্য সংস্কৃতি আৰু বৈচিত্ৰ প্ৰদৰ্শন কৰি আমেৰিকা-ভাৰত সম্পৰ্ক পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা আয়োজক সমিতিৰ অধ্যক্ষ যশৱন্ত পেটেলে এই কথা সদৰি কৰে ৷ উল্লেখ্য যে, বিগত ৭৫ বছৰত ভাৰতীয়-আমেৰিকান লোকসকলে আমেৰিকাত থাকি আমেৰিকালৈ যথেষ্ট অৰিহণা যোগাইছে ৷