ইণ্টাৰনেশ্যনেল ডেস্ক, 16 এপ্ৰিল : মেস্কিকো চহৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত মৃত্যুমুখত পৰে ছয়গৰাকী প্ৰাপ্তবয়স্ক লোকৰ লগতে এটি ৭ বছৰীয়া শিশু । কৰ্তৃপক্ষই জনোৱা মতে, মধ্য মেক্সিকোত কেইবাগৰাকীও ছুটীত অহা লোকে সপ্তাহটোৰ শেষৰ ফালে দিন কটোৱা ৰিজ’ৰ্ট এখনত বন্দুকধাৰীৰ এটা দলে পোনচাটেই সোমায় আক্ৰমণ চলায় ৷ মধ্য মেক্সিকোৰ এখন জল উদ্যানত বন্দুকধাৰীয়ে আতংকৰ সৃষ্টি কৰে (Firing in Mexico) ৷
বন্দুকধাৰীৰ গুলীচালনাত তিনিগৰাকী মহিলা, তিনিজন পুৰুষ আৰু এটি শিশুৰ মৃত্যু হয় ৷ গুয়ানাজুয়াটো ৰাজ্যৰ কৰ্টাজাৰ পৌৰসভাৰ বিষয়াসকলে এক বিবৃতিযোগে কয় যে লা পালমা ৰিজ’ৰ্টত স্থানীয় সময় অনুসৰি বিয়লি 4.30 বজাত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনাটো ৷ অষ্টমজন লোক গুৰুতৰভাৱে আহত হয় গুলীচালনাৰ ঘটনাৰ দ্বাৰা (Heated situation in Mexico) ।
কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, আক্ৰমণকাৰীয়ে পোনে পোনে এদল লোকৰ ফালে গৈ গুলীচালনা কৰে আৰু তাৰ পিচত স্থানডোখৰ পৰিত্যাগ কৰাৰ পূৰ্বে স্থানডোখৰৰ পৰা নিৰাপত্তাৰ বাবে সংযুক্ত কেমেৰা উলিয়াই আনে । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত ছুইমিং চুট পিন্ধা কেইবাজনো লোকে কান্দি কান্দি, চিঞৰি আৰু সন্তানক সাৱটি ধৰি দৌৰি প্ৰাণৰ মমতাত দৌৰি থকা দেখা দেখিবলৈ পোৱা গৈছে । মেক্সিকান সৈনিক আৰু আৰক্ষীয়ে হেলিকপ্টাৰৰ সহায়ত আক্ৰমণকাৰীক বিচাৰি অভিযান চলাইছে (7 people died in Mexico Firing) ।
কৃষি আৰু উদ্যোগিক কেন্দ্ৰ গুয়ানাজুয়াটোত ড্ৰাগছ সম্পৰ্কীয় ঘটনা বৃদ্ধি পোৱাৰ ফলত মেক্সিকোৰ আটাইতকৈ হিংসাত্মক স্থান হিচাবে বিবেচিত হৈছে মেক্সিকো । উল্লেখ্য যে, গুলীচালনাৰ ঘটনাটো সংঘটিত হোৱাৰ পিচতে চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ বিশ্ববিদ্যালয় চৌহদৰ সমীপত অৱস্থিত ৰিজ’ৰ্টখন আক্ৰমণৰ পিচত আৰক্ষী তথা সামৰিক বাহিনীৰ লোকে মেক্সিকোত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা (La Palma swimming resort) ৷
লগতে পঢ়ক :Jai Bharat rally in Kolar: সাংসদ পদ খাৰিজৰ পিচত প্ৰথমবাৰলৈ নিজ সমষ্টিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী