ইণ্টাৰনেশ্যনেল ডেস্ক,৭ নৱেম্বৰ :ব্ৰিটেইনত সোণৰ কমোড চুৰি হোৱাৰ গোচৰত ৪ জনক অভিযুক্ত কৰা হৈছে । ব্ৰিটিছৰ অন্যতম এগৰাকী যোদ্ধা উইনষ্টন চাৰ্চিলৰ জন্মস্থান বিশাল প্ৰাসাদ ব্লেনহেইম পেলেচৰ পৰা চুৰি হৈছিল ১৮ কেৰেটৰ সোণৰ কমোড । ৫.৯৫ নিযুত আমেৰিকান ডলাৰ মূল্যৰ এই কমোডটো 'আমেৰিকা' হিচাপে জনাজাত । যিটো শিল্পকৰ্ম অন্যতম নিদৰ্শন আছিল । ইটালীৰ শিল্পী মাউৰিজিঅ' কেটলানে এই কমোডটো তেওঁৰ কলা প্ৰদৰ্শনীত ৰাখিছিল । ২০১৯ চনৰ ছেপ্টেম্বৰত নিশা চুৰি হৈছিল সোণৰ কমোডটো ।
ক্ৰাউন প্ৰচিকিউচন চাৰ্ভিচে সোমবাৰে কয় যে সোণৰ কমোডটো চুৰিৰ বাবে ৩৫-৩৯ বছৰ বয়সৰ ৪ জন লোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ উত্থাপন কৰা হৈছে । তেওঁলোকৰ বিৰুদ্ধে সম্পত্তি স্থানান্তৰৰ ষড়যন্ত্ৰৰ অভিযোগত চুৰি আৰু অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে । অভিযুক্ত চাৰিওজনকে ২৮ নৱেম্বৰত অক্সফৰ্ড মেজিষ্ট্ৰেটৰ আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে ।
চুৰিৰ ঘটনাটোত ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । লক্ষণীয়ভাৱে সোণৰ কমোডটো চুৰি হোৱাৰ ৪ বছৰ পাছত সোমবাৰে এই অভিযোগবোৰ অনা হৈছে । অৱশ্যে কমোডটো এতিয়াও উদ্ধাৰ হোৱা নাই ।