ইন্টাৰনেশ্যনেল ডেস্ক, 29জুলাই :শুকুৰবাৰে মাজ নিশা হেমিল্টন দ্বীপৰ সমীপৰ কুইন্সলেণ্ডৰ উপকূলত অষ্ট্ৰেলিয়াৰ এখন সামৰিক হেলিকপ্টাৰ সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয় । আমেৰিকাৰ সৈতে এক বৃহৎ যৌথ সামৰিক অনুশীলনৰ সময়ত সংঘটিত হৈছে এই ঘটনা । অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্পৰেশ্যনে এই কথা নিশ্চিত কৰিছে ।
অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছৰ উদ্ধৃতি দি এই বিষয়ত অধিক তথ্য প্ৰদান কৰিছে নিগমে । নিগমৰ সৈতে হোৱা কথা-বতৰাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে টাইপান নামেৰেও পৰিচিত MRH ৯০ হেলিকপ্টাৰখন পুৱা প্ৰায় ১০:৩০ বজাত (স্থানীয় সময় অনুসৰি) চাৰিজন ক্ৰুৰ সৈতে দুৰ্ঘটনাগ্ৰস্ত হয় ।
মাৰ্লেছে কয় যে দ্বিতীয়খন হেলিকপ্টাৰে লগে লগে অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ এই অভিযান বৰ্তমানো চলি আছে বুলি জানিব পৰা গৈছে । মাৰ্লেছে সংবাদ মাধ্যমৰ আগত কয়, ‘‘দুৰ্ঘটনাত পতিত হোৱা চাৰিজন এয়াৰমেনৰ পৰিয়ালক এই বিষয়ে ইতিমধ্যে অৱগত কৰা হৈছে । অনুসন্ধান আৰু উদ্ধাৰকাৰী দলসমূহে নিজৰ কাম অব্যাহত ৰাখিছে ৷ অনুসন্ধান আৰু উদ্ধাৰকাৰী দলৰ পৰা ইতিবাচক খবৰ পোৱাৰ বাবে আমি অতিশয় আশাবাদী হৈ আছো’’ ।
অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী এংগাছ কেম্পবেলে এই দুৰ্ঘটনাক এক ভয়ংকৰ আৰু অতি দোষজনক বুলি অভিহিত কৰিছে । তেওঁ কয়, ‘‘বৰ্তমান আমাৰ কাম দুৰ্ঘটনাত পতিত হোৱা লোক এয়াৰমেন কেইগৰাকীক বিচাৰি উলিওৱা ৷ এই ক্ষেত্ৰত আমেৰিকান সহকৰ্মীসকলেও আমাক যথেষ্ট সহায় কৰি আছে’’ ৷