অসম

assam

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 12:44 PM IST

ETV Bharat / international

Alaska Airlines incident : উৰন্ত অৱস্থাতে বিমানৰ ইঞ্জিন বন্ধৰ চেষ্টা অফ ডিউটি পাইলটৰ

যোৱা মাহত ৱাশ্বিংটনৰ পৰা চান ফ্ৰান্সিস্কোলৈ গৈ থকা বিমানত সংঘটিত হৈছিল এই ঘটনা । পাইলটজন হতাশা আৰু টোপনিৰ অভাৱত ভুগি থকাৰ অভিযোগ । আলাস্কা এয়াৰলাইনছৰ বিৰুদ্ধে ৩ যাত্ৰীৰ গোচৰ ৰুজু ।

Alaska Airlines incident
উৰন্ত অৱস্থাতে বিমানৰ ইঞ্জিন বন্ধৰ চেষ্টা অফ ডিউটি পাইলটৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,৩ নৱেম্বৰ :আমেৰিকাৰ আগশাৰীৰ বিমানসেৱা প্ৰতিষ্ঠান আলাস্কা এয়াৰলাইনছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । যাত্ৰা কৰি থকাৰ সময়তে অফ-ডিউটিৰ পাইলটে বিমানৰ ইঞ্জিন বন্ধ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ যাত্ৰীৰ । ৩ গৰাকী যাত্ৰীয়ে ইতিমধ্যে আলাস্কা এয়াৰলাইনছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । জানিব পৰা মতে বিমানখন ৱাশ্বিংটনৰ পৰা চান ফ্ৰান্সিস্কোলৈ গৈ আছিল । ঘটনাটো যোৱা মাহত সংঘটিত হৈছিল ।

ৱাশ্বিংটনৰ কিং কাউণ্টি চুপিৰিয়ৰ আদালতত বৃহস্পতিবাৰে দাখিল কৰা অভিযোগত ছান ফ্ৰাঞ্চিস্কোৰ বাসিন্দা মেথিউ ডলেণ্ড আৰু থেৰেছা ষ্টেলাৰ আৰু ৱাশ্বিংটনৰ কেনম'ৰৰ পল ষ্টিফেনে কৈছে যে হতাশাগ্ৰস্ত আৰু টোপনিৰ অভাৱত থকা পাইলটজনক ককপিটত বহিবলৈ অনুমতি দিয়া উচিত নাছিল । আলাস্কা এয়াৰলাইনছে তাৎক্ষণিকভাৱে কোনো মন্তব্য দিয়া নাছিল যদিও পাছত কৈছে যে বিমানখনে নিয়ন্ত্ৰণ হেৰুওৱা নাছিল ।

জানিব পৰা মতে অভিযুক্ত আলাস্কাৰ পাইলটগৰাকী হৈছে ৪৪ বছৰীয়া জোচেফ ডেভিদ এমাৰ্চন । সেইদিনা তেওঁ ককপিটত থকা অতিৰিক্ত আসন অৰ্থাৎ জাম্প চিটত বহি আছিল । বিমানখনে যাত্ৰা কৰি থকাৰ সময়তে তেওঁ হঠাতে কৈ উঠিছিল যে তেওঁ ঠিকে নাই । তেনেকৈ কোৱাৰ পাছত তেওঁ দুটা হেণ্ডেল টানিবলৈ চেষ্টা কৰিছিল যিয়ে ফায়াৰ চাপ্ৰেশ্যন প্ৰণালী তৈয়াৰ কৰে আৰু ইঞ্জিনবোৰলৈ ইন্ধন বন্ধ কৰি দিয়ে ।

আৰক্ষীয়ে জনোৱা মতে আলাস্কাৰ সহযোগী হৰাইজন এয়াৰৰ দ্বাৰা পৰিচালিত ২০৫৯ নম্বৰৰ বিমানখন অৰেগনৰ পোৰ্টলেণ্ডলৈ সুৰক্ষিতভাৱে পৰিৱৰ্তন কৰা হয় । পাছত অন্যান্য পাইলটসকলে তাৎক্ষণিকভাৱে এমাৰ্চনক দমন কৰিবলৈ সক্ষম হয় আৰু তেওঁক পৰৱৰ্তী সময়ত আটক কৰা হয় ।

বিমানখনৰ এগৰাকী যাত্ৰীয়ে কোৱা মতে পাইলটে লাউডস্পীকাৰত জৰুৰী পৰিস্থিতিৰ বিষয়ে ঘোষণা কৰাত হে তেওঁলোকে ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল । অভিযোগ অনুসৰি, ঘটনাটোৰ ফলত অভিযোগকাৰীসকল উদ্বিগ্ন, নিদ্ৰাহীনতা, উৰণৰ প্ৰতি ভয় আৰু অন্যান্য সমস্যাত ভুগিছে । ইফালে গোচৰটোৰ জৰিয়তে এয়াৰলাইনছত তীব্ৰ সমালোচনা কৰা হৈছে । কি কাৰণত হতাশাগ্ৰস্ত পাইলটজনক ককপিটত প্ৰৱেশ কৰিবলৈ দিয়া হ'ল আৰু যাত্ৰীৰ সুৰক্ষাৰ দিশবোৰ পৰ্যাপ্ত ধৰণে অনুসৰণ কৰা নাই বুলিও অভিযোগ কৰা হৈছে ।

অভিযোগকাৰীৰ অধিবক্তাই কোৱা মতে প্ৰতিগৰাকী পাইলটক বিশ্ৰামৰ প্ৰয়োজন । উৰণৰ বাবে সঠিক মানসিক অৱস্থাত আছে নে নাই সেই সন্দৰ্ভৰত এয়াৰলাইনছে প্ৰতিখন বিমানৰ উৰণৰ পূৰ্বে সৰল আৰু যুক্তিসঙ্গত পদক্ষেপ ল'ব লাগে ।

সচৰাচৰ অফ-ডিউটি পাইলটসকলৰ বাবে জাম্প চিটত যাত্ৰা কৰাটো সাধাৰণ কথা । কিছুমান জৰুৰীকালীন সময়ত তেওঁলোকে সহায় কৰা দেখা যায় । তেনে পাইলটে আনকি বহুতৰে জীৱন ৰক্ষাও কৰিছে ।

লগতে পঢ়ক :Israel Hamas war : ইজৰাইলৰ ওপৰত যুদ্ধবিৰতিৰ হেঁচা আমেৰিকা আৰু আৰৱ ৰাষ্ট্ৰৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details